এছআইটিয়ে চাৰে ৩ হাজাৰ পৃষ্ঠাজোৰা চার্জশ্বীট দাখিল কৰিবঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিয়ে চাৰে তিনি হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিব। উমৰাংছ’ত সংবাদ মাধ্যমৰ আগত এই তথ্য প্রকাশ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। এই তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- জুবিন গার্গে ন্যায় পাবই। এছআইটিয়ে কাম সম্পূৰ্ণ কৰিছে। তেওঁলোকে জনোৱা মতে প্রায় চাৰে তিনি হাজাৰ পৃষ্ঠাৰ চার্জশ্বীট সাজু কৰিছে। অভিযোগনামা দাখিল লৈ ইতিমধ্যে মহাধিবক্তাৰ লগতো আলোচনা কৰিছে। গতিকে ১৮ ডিচেম্বৰৰ পূৰ্বেই ৬-১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে কয়- ১৮ ডিচেম্বৰৰ পূৰ্বে অভিযোগনামা আমি দিবই লাগিব। নহ’লে অভিযুক্তসকলে জামিন লাভ কৰিব। সেয়েহে ১৮ ডিচেম্বৰৰ পূৰ্বে অভিযোগনামা দাখিল কৰাটো আইনগতভাৱে আমি বাধ্য। এছআইটিক মই কৈছোঁ- ১৮ ডিচেম্বৰলৈ ৰৈ থাকিব নালাগে, কেইদিনমান আগতে দাখিল কৰক। কিন্তু এছআইটিয়ে জানিবলৈ দিয়া অনুসৰি চাৰে তিনি হাজাৰ ডকুমেন্ট আইনগতভাৱে প্রস্তুত কৰি লোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন। গতিকে এই সকলোবোৰ কাম সম্পূৰ্ণ কৰি ১২ ডিচেম্বৰৰ পূৰ্বেই অভিযোগনামা দাখিল কৰিব।
