এচিএছ নূপুৰ বৰাৰ ঘৰত ৯২ লাখ টকা আৰু ১ কোটি টকাৰ সোণ-হীৰা জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এচিএছ বিষয়া নূপুৰ বৰাৰ গুৱাহাটীৰ গোটানগৰত থকা ফ্লেট আৰু বৰপেটাৰ ভাৰাঘৰত অভিযান চলাই মুঠ ৯২ লাখ ৫০ হাজাৰ ৪০০ টকা নগদ ধনৰ লগতে ১ কোটি টকা মূল্যৰ হীৰা-সোণৰ অলংকাৰ জব্দ কৰে। প্রধানতঃ ভূমি জালিয়াতিৰে ব্যাপক হাৰত উৎকোচ সংগ্ৰহ কৰা দুর্নীতিগ্রস্ত নূপুৰ বৰাৰ এই বিয়াগোম কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে সামগ্রিকভাৱে গুৱাহাটী আৰু বৰপেটাৰ ৪ স্থানত অভিযান চলাইছিল। ইয়াৰে ৩ স্থান নূপুৰ বৰাৰ কর্তৃত্বাধীন হোৱাৰ বিপৰীতে আনটো স্থান আছিল সমস্ত দুষ্কাৰ্যৰ সংগী অবৈধ প্রেমিক বৰপেটাৰ লাটমণ্ডল সুৰজিত ডেকাৰ বাসগৃহ। ৰাজ্য চৰকাৰে আৰম্ভ কৰা মিছন বসুন্ধৰাৰ সুযোগ লৈয়ে নূপুৰ বৰা-সুৰজিত ডেকাই এই কু-কর্ম সংঘটিত কৰিছিল। বিশেষকৈ ধনৰ বিনিমত জালিয়াতিৰে হিন্দু লোকৰ মাটি মিঞাক বিক্ৰীৰ পথ প্রশস্ত কৰি দিছিল দুই অবৈধ প্রেমিক-প্রেমিকাই। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুর্নীতিৰ অভিযোগৰ বিপৰীতে আয়-বহির্ভূত সম্পত্তি আহৰণৰ অভিযোগত ২৫/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰি এচিএছ বিষয়া নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এচিএছ বিষয়া নূপুৰ বৰাৰ প্ৰকৃত ঘৰ গোলাঘাটত। ২০১৯ চনৰ ১৭ জানুৱাৰীত অসম অসামৰিক সেৱাত যোগদান কৰা নূপুৰ বৰাই কাৰ্বি আংলং জিলাৰ সহকাৰী আয়ুক্ত হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল। তাৰ পাছতে একাদিক্রমে বৰপেটাত ৰাজহ চক্ৰ বিষয়া আৰু শেহতীয়াকৈ কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া ৰূপে দায়িত্বত নিয়োজিত আছিল নূপুৰ বৰা। চাকৰিত যোগদান কৰাৰ ৬ বছৰৰ ভিতৰতে কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈ পৰা এইগৰাকী দুর্নীতিগ্রস্ত এচিএছ বিষয়াৰ ৰহস্য পোহৰলৈ অহাৰ পাছতে স্বয়ং হতভম্ব হৈ পৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী দল। সোমবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলে মালিগাঁৱৰ গোটানগৰত থকা এপার্টমেন্টত অভিযান চলায়। উল্লেখ্য যে প্রায় ছমাহ পূৰ্বৰ পৰা দুর্নীতিগ্ৰস্ত বিষয়াজনৰ কাম-কাজৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখি আহিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। বিভিন্ন সময়ত বিষয়াগৰাকীৰ বিৰুদ্ধে বহু দুর্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল। সেই সন্দৰ্ভততো বহু গোচৰ বিভিন্নজনে দাখিল কৰি আহিছিল। তাৰ পাছতে তদন্তকাৰী দলে বিষয়াজনৰ ছাইন শান্তি গ্রীন নামৰ এপার্টমেণ্টৰ পঞ্চম মহলাত থকা ফ্লেটত অতর্কিতে অভিযান চলায়। ফ্লেটটোত চলোৱা অভিযানৰ সময়ত এটা বিশাল বেগ প্রত্যক্ষ কৰি প্ৰথম অৱস্থাত অভিযানকাৰী দলে তাত কাপোৰ আছে বুলি সন্দেহ কৰিছিল। কিন্তু বেগটো খোলাৰ পাছতহে তাৰ পৰা নগদ ৮২ লাখ টকাৰো অধিক ধন জব্দ হোৱাত হতভম্ব হৈ পৰে দলটো। ইয়াৰ বাদেও প্রায় ১ কোটি টকা মূল্যৰ হীৰা আৰু সোণৰ অলংকাৰ জব্দ কৰিছে। একেলগে ইমান পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ পাছতে উপায়হীন হৈ তদন্তকাৰী আৰক্ষীয়ে ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীক টকা গণিবলৈ মাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। গোটানগৰৰ এপার্টমেন্টটোৰ লগতে গুৱাহাটীৰ আন এক স্থান আৰু বৰপেটাৰ দুই স্থানত অভিযান চলায়।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীক্ষক ৰ’জী কলিতাই সদৰী কৰা মতে আটাইকেইটা স্থানৰ পৰা মুঠ ৯২ লাখ ৫০ হাজাৰ ৪০০ টকা জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত বৰপেটাৰ ভাৰাঘৰত ১০ লাখ ৬৩ হাজাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। চাকৰিত যোগদানৰ মাথোঁ ৬টা বছৰৰ ভিতৰতে কোটিপতি অভিজাত লোকত পৰিণত হোৱা নূপুৰ বৰাৰ সমগ্র দুর্নীতি চলাইছিল অবৈধ প্রেমিক লাটমণ্ডল সুৰজিত ডেকাৰ সৈতে। বৰপেটা ডঙৰকুছিৰ বাসিন্দা লাটমণ্ডল সুৰজিত ডেকা আছিল এচিএছ বিষয়া নূপুৰ বৰাৰ দুৰ্নীতিৰ অন্যতম সহযোগী। এই সম্পর্ক দুয়োৰে মাজত ইমানেই শিপাই গৈছিল যে বিবাহিত নূপুৰ বৰাই স্বামীক এৰি একমাত্ৰ পুত্ৰ সন্তানক নিজৰ লগত ৰাখি লাটমণ্ডল সুৰজিত ডেকাৰ সৈতে অবৈধ সম্পর্ক গঢ়ি তুলিছিল। দুর্নীতি আৰু নূপুৰ বৰাৰ বাবে পত্নীকো খেদি পঠিয়াইছিল সুৰজিত ডেকাই। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলে নূপুৰ বৰাৰ সমান্তৰালকৈ লাটমণ্ডল সুৰজিত ডেকাৰ ডঙৰকুছিত থকা অট্টালিকাতো অভিযান চলাই বহু তথ্য উদ্ধাৰ কৰে। জানিব পৰা মতে কাৰ্বি আংলঙত সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰাৰ সময়ত নূপুৰ বৰাই কোনোধৰণৰ দুর্নীতি কৰা নাছিল যদিও ২০২৩ চনৰ ১৮ জুনত বৰপেটাৰ ৰাজহ চক্র বিষয়া ৰূপে যোগদান কৰাৰ পাছতহে দুর্নীতিত নিমজ্জিত হৈ পৰে। মিছন বসুন্ধৰাৰ সময়ত জালিয়াতিৰে ধনৰ বিনিময়ত বহু একচনীয়া মাটি ম্যাদী কৰিছিল নূপুৰ বৰাই। বৰপেটা টাউন এলেকাৰ একচনীয়া মাটি অবৈধভাৱে ম্যাদী কৰাৰ অভিযোগ উত্থাপন হৈছিল নূপুৰ বৰাৰ বিৰুদ্ধে। এই সমস্ত প্রক্রিয়াত অন্যতম সহযোগী হৈ পৰিছিল বৰপেটা ৰাজহ চক্ৰৰ লাটমণ্ডল সুৰজিত ডেকা। কিয়নো জিলাখনৰ ক’ত কি ধৰণৰ মাটি-সম্পত্তি আছিল সেই কথা সুৰজিত ডেকাই পূৰ্বৰে পৰা ভালদৰে অৱগত আছিল। দুর্নীতিৰ মাজতে দুয়োজনৰ মাজত অবৈধ সম্পর্কও গঢ় লৈ উঠিছিল। এটাৰ পাছত আন এটা কেলেংকাৰি লাটমণ্ডল সুৰজিত ডেকাৰে মিলি কৰি যোৱা নূপুৰ বৰাৰ একচনীয়া মাটি ম্যাদী কৰা, নামজাৰি, সীমা চমজোৱা, বাটোৱাৰা কৰা আদি কামবোৰৰ নামত ঘটিছিল বৃহৎ পৰিমাণৰ ধন। চহৰ এলেকাৰ মাটি বাহিৰৰ বুলি দেখুৱাই বৃহৎ ধনৰ বিনিময়ত ম্যাদী কৰাই দিছিল নূপুৰ বৰাই। অৱশ্যে এই সকলোখিনি কৰাৰ বাবে এক নির্দিষ্ট মূল্য গ্রাহকে বিষয়াগৰাকীক দিবলগীয়া হৈছিল। জানিব পৰা মতে, চিঠাৰ নামজাৰিৰ বাবদ ৩০-৪০ হাজাৰ, উত্তৰাধিকাৰীৰ নামজাৰি ৭-১০, মাটি বেচা-কিনা অনুমতি ১৫-৪০, অটোমিউটেচন ৭-১৫, স্বত্বাধিকাৰী সূত্ৰে কৰা নামজাৰিৰ বাবদ ৩০-৪০, বাটোৱাৰা ১৫-২০, ম্যাদীকৰণৰ ২০-২৫ হাজাৰ, নাম কর্তন বা নাম বাহাল ১.৫-২ লাখ, মাটিৰ কালি সংশোধন ৭০ হাজাৰ-১ লাখ আৰু নাম শুধৰণি ২০-৩০ হাজাৰ টকা আছিল এচিএছ বিষয়া নূপুৰ বৰাক কামৰ বিনিময়ত গ্রাহকে আদায় দিবলগীয়া উৎকোচৰ পৰিমাণ। অকল এয়াই নহয়, শেহতীয়াকৈ গৰৈমাৰীত ৰাজহ চক্ৰ বিষয়া হৈ থকাৰ সময়তো ৭ বছৰ পূৰ্বে মৃত্যু হোৱা লোকৰো মাটি অবৈধভাৱে ধনৰ বিনিময়ত আনৰ নামত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নূপুৰ বৰাৰ বিৰুদ্ধে। অকল সেয়াই নহয়, নূপুৰ বৰাৰ বিৰুদ্ধে আছে আন এক গুৰুতৰ অভিযোগ। মিঞাৰ প্ৰতি বিশেষ দৰদ মনত ৰখা নূপুৰ বৰাই হিন্দু লোকৰ মাটি বেআইনীভাৱে মুছলমানৰ ওচৰত বিক্ৰী কৰাৰ সুবিধা কৰি দিছিল। বহু একচনীয়া মাটি বৰপেটাৰ বিভিন্ন মাদ্ৰাছাৰ নামত ম্যাদী কৰি দিয়াৰ লগতে সত্ৰৰ মাটিও অবৈধ দখলকাৰীক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগো বিষয়াগৰাকীৰ বিৰুদ্ধে আছে। অৱশ্যে এই কামসমূহ কৰি দিয়াৰ বিনিময়ত মিঞা লোকৰ পৰা বিষয়াগৰাকীয়ে মোটা অংকৰ ধন উৎকোচ হিচাপে গ্রহণ কৰিছিল। কেৱল ইমানেই নহয়, ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন দালালৰ জৰিয়তেও মাটি-বাৰীৰ কাম-কাজৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল নূপুৰ বৰা আৰু লাটমণ্ডল সুৰজিত ডেকাই। নূপুৰ বৰাৰ সমান্তৰালকৈ সুৰজিত ডেকাৰ ডঙৰকুছিৰ বাসভৱনতো বিশেষ তদাৰকী কোষৰ আন এটা দলে অভিযান চলায়। উল্লেখ্য যে বৰপেটা চহৰৰ শ্ৰীকামাৰ পথত থকা এটা ঘৰত ভাৰাতীয়া হিচাপে আছিল নূপুৰ বৰা। সম্প্ৰতি গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে যদিও বৰপেটাৰ এই ভাৰাঘৰটো এতিয়াও এৰি দিয়া নাই। লাটমণ্ডল সুৰজিত ডেকাক লগত লৈ বৰপেটাৰ উক্ত ভাৰাঘৰটোত অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰৰ লগতে নগদ ১০ লাখ ৬৩ হাজাৰ টকা উদ্ধাৰ কৰে। ভাৰাঘৰটোত থকা সৰু-বৰ ৫টা ষ্টিলৰ আলমিৰা আৰু ৪টা বাকচৰ পৰা নথি-পত্ৰ আৰু ধনখিনি জব্দ কৰা হয়। অভিযানৰ সময়ত ভাৰাঘৰটোৰ লগতে সুৰজিত ডেকাৰ বাসভৱনতো বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। বাতৰি লিখা পৰলৈকে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলে লাটমণ্ডল সুৰজিত ডেকাৰ ডঙৰকুছিৰ বাসগৃহত অভিযান অব্যাহত ৰাখিছে। লাটমণ্ডল সুৰজিত ডেকাকো গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।