এচটা শিল – আয়শা ছিদ্দিকা

এচটা শিল

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা
বিচাৰি আছোঁ মাথোঁ এচটা শিল
এই অন্ধকাৰ সমাজৰ
 আশাৰ কিৰণ হৈ
বুকুত এগছি বন্তি জ্বলাই
এন্ধাৰ গুচাব আজীৱনলৈ….
বৰ্বৰ নীতি নিয়মৰ ওখ টান
স্বনিৰ্মিত দেৱাল ভাঙি
সপোনৰ সঁফুৰা টো লৈ
হৃদয়ৰ কোণত জমা হোৱা
আৰ্তনাদখিনি চিৰতৰে মচিব….
অন্ধবিশ্বাসৰ কু-কৰ্মৰ শিপা তুলি
শিলৰ চাপত ছেদেলি-ভেদেলি
মুক্ত জীৱনৰ সন্ধান বিচাৰি
অনাকাংখিত আবেগ সামৰি
আৱেগৰ বলত মনোবল গোটাব ….
লাগে মাথোঁ এচটা শিল
যি শিলে ভাঙিব সকলো অনিয়ম
যি শিলে উভালিব অনীতিৰ দেৱাল
যিয়ে ৰোধিব অশান্তিৰ বান
যি শিলে গঢ়িব শান্তিৰ টিলা
যাৰ বুকুয়েদি বৈ যাব
আনন্দৰ শুৱলা নিজৰা
বিচাৰোঁ মাথোঁ এচটা শিল
যাৰ উপস্থিতিত অশান্ত পৰিৱেশে
পুৱা সন্ধিয়াৰ প্ৰতিটো ক্ষণ
মাদল বজাই বজাই
শান্তিৰ চাকি গছি জ্বলাব….