এগৰাকী ব্যক্তি নহয়  হিয়াৰ আমঠু ব্যক্তিৰ নামেই হ’ল” জুবিন গাৰ্গ ” – অনামিকা (সংগীতা)কলিতা

Pc Facebook

এগৰাকী ব্যক্তি নহয়  হিয়াৰ আমঠু ব্যক্তিৰ নামেই হ’ল” জুবিন গাৰ্গ “

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব ।আমাৰ সকলোৰে প্ৰিয় মানৱতাৰ  শ্ৰেষ্ঠ শিল্পী  জুবিন গাৰ্গ/জুবিন দা।তেওঁ নিজৰ প্ৰতিটো কথা গানৰ মাজেৰে কৈ গৈছে। হীৰাৰ টুকুৰা এটি সংৰক্ষণ যেনেকৈ কৰা যায় ঠিক তেনেকৈ তেওঁৰ  কেয়াৰ ল’ব লাগিছিল । যিয়েই নহওক তেওঁ কায়িক ভাবে নাথাকিলেও  আমাৰ মাজত চিৰদিন থাকিব।তেখেতৰ সৃষ্টিৰ নিজৰা শদিয়াৰ পৰা ধুবুৰীয়ে নহয় গোটেই ভাৰতবৰ্ষ আনকি বিশ্বৰ প্ৰতিটো কোনলৈ বৈ যোৱা বুলি ক’লেও ভুল নহয়।

নিজৰ জীৱনৰ ৫০ বছৰ সোণালী বসন্ত অতি সুন্দৰ ভাবে অতিবাহিত কৰি ৫২বছৰ অসম্পূৰ্ণ  হৈ থাকিল। ৩৮হাজাৰৰো অধিক  গীতত তেওঁ কন্ঠদান কৰিছিল । কেইবাখনো চিনেমা তেওঁ অসমক উপহাৰ দিলে ।মৃত্যুৰ আগেও এখন চিনেমা ৰাইজক দি থৈ গ’ল নাম “ৰৈ ৰৈ বিনালে ” কিন্তু  নিজে মুকলি কৰিব নেপালে।তেখেতে কেৱল দিবহে জানে কিন্তু ল’ব নিবিচাৰিলে বা নাজানে।এয়াই হয়তো ঈশ্বৰে পঠিয়াই দিয়া এগৰাকী দেৱদূত। সকলোৰে হৃদয়ত থাকিব চিৰদিন —