এগৰাকী বৃদ্ধা মাতৃৰ অভিশাপ
হাফিজ গিয়াছউদ্দিন আহমেদ
ধূলা (হিৰাপাৰা)
পৰম কৰুনাময় সৃষ্টিকর্তাৰ উপাসনাৰ পিছতেই পিতৃ মাতৃৰ উপাসনাৰ কথা ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ আছে। সেই পিতৃ মাতৃয়ে আজিৰ সময়ত লাঞ্ছিত বঞ্চিত অৱহেলিত হৈ আছে কিছুমান কুলাঙ্গাৰ সন্তানৰ ওচৰতেই। তথাপিও জন্মদাতা পিতৃ গৰ্ভ ধাৰেণী মাতৃয়ে সন্তানক অভিশাপ নিদিয়ে। পত্নীৰ কূ- পৰামৰ্শত মা বাবাক অত্যাচাৰ কৰি সন্তানে কেতিয়াও সুখী হব নোৱাৰে। যি পিতৃ মাতৃয়ে সন্তানৰ চাহিদা পূৰণ কৰিবলৈ নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ দি সন্তানক প্ৰতিষ্ঠিত কৰে সেই সন্তানেই আজিৰ সময়ত পিতৃ মাতৃক বৃদ্ধাশ্রমৰ বাসিন্দা কৰে। নিজে বনোৱা ঘৰখনতে যাৰ নাথাকে কোনো অধিকাৰ। বৃদ্ধা বয়সত সেৱা যত্ন পোৱা তো দূৰৰ কথা নিজৰ ঘৰতে ঠাই নহয় বৃদ্ধ পিতৃ মাতৃৰ। যাৰ পিতৃ মাতৃ এই পৃথিৱীত নাই সেইজন হে বুজি পায় পিতৃ মাতৃ যে কি সম্পদ। এগৰাকী মাতৃয়ে যদি সন্তানৰ মঙ্গল কামনাৰে পৰম কৰুনাময় সৃষ্টিকর্তাৰ ওচৰত আৰ্শিবাদ ( দোৱা) কৰে সেই আৰ্শিবাদ ( দোৱা) সৃষ্টিকর্তাই দ্ৰুত মঞ্জুৰ কৰে। আৰু যদি পিতৃ মাতৃয়ে সন্তানৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি সেই সন্তানৰ কাৰণে যদি অভিশাপ কৰে সেই অভিশাপো সৃষ্টিকর্তাই সহ্য কৰিব নোৱাৰে। বৃদ্ধ বয়সত পিতৃ মাতৃক অবহেলা নকৰি তেখেতৰ লগত নম্ৰ ভদ্র ভাষাৰে ব্যবহাৰ কৰিব লাগে কিয়নো মানুহ যেতিয়া বয়স্ক হয় তেতিয়া শিশু কালৰ নিচিনাই আচৰণ কৰে। এদিন আপোনাৰ সকলো বস্তুয়ে থাকিব সেইদিনা নাথাকিব আপোনাৰ মা বাবা। টকা পইচা বহুত থাকিব কিন্তু নাথাকিব সুখ। আপুনিও এদিন বৃদ্ধ হব আপোনাৰ সন্তানেও আপোনাৰ লগত সেই ব্যবহাৰেই কৰিব। সেই কাৰণে আপুনি আপোনাৰ পিতৃ মাতৃক সেৱা যত্ন কৰি আপোনাৰ সন্তানক সেই শিক্ষা দি থয় যাওঁক।