এগৰাকী নাৰী কোন বিলাক কথাত সুখ আৰু দুখ অনুভৱ কৰে – অনামিকা(সংগীতা) কলিতা,

এগৰাকী নাৰী কোন বিলাক কথাত সুখ আৰু দুখ অনুভৱ কৰে

অনামিকা(সংগীতা) কলিতা,শুৱালকুছি

নাৰী ঘৰৰ মূল ভেঁটি যাৰ অবিহনে ধৰাখন অসম্পূৰ্ণ।বৰ্তমান যি হাৰত কন্যা  শিশুৰ পৰা যুৱতী,মহিলাক হত্যা ধৰ্ষণ ঘটনা চলি আছে , এনে লাগে নাৰীৰ যেন অস্তিত্ব নাই  ।যি দেশত নাৰীক পূজিত হয় সেই দেশতে উৎপীড়ন  বেছি ।তথাপিও  নাৰী সকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আছে কৰি থাকিব অনাদি কাললৈকে–

ধৰ্মীয় গ্ৰন্থ ইত্যাদিত পাইছোঁ নাৰী পৰাই যদি সৃষ্টি হয় নাৰীৰ পৰা ধ্বংসও  হয় ।উদাহৰণস্বৰূপে—ৰাম-ৰাৱণৰ যুদ্ধ হৈছিল নাৰীৰ কাৰণে। কৌৰৱসকলৰ নাশ হৈছিল নাৰীৰ কাৰণে। অমৃতৰ পৰা অসুৰ  সকল বঞ্চিত হৈছিল নাৰীৰ কাৰণে ।নাৰীৰ নটা ৰূপ আছে সৃষ্টি কৰিবও পাৰে  আৰু  ধ্বংস কৰিবও পাৰে।নাৰী সহনশীলতা আৰু ধৈৰ্য্য সাহসৰ প্ৰতীক।

নাৰী সকলে নিজৰ ঘৰখনৰ লগতে বাহিৰা দায়িত্ব সুকলমে বৰ্তাই ৰাখিছে ।তাৰ বিনিময়ত  বিশেষ একো বিশেষ  নিবিচাৰে মাত্ৰ  পুৰুষৰ পৰা অকণমান স্নেহ আৰু সন্মান  পালেই সুখী হ’ব পাৰে। এসোপা মাছ /মাংস খাই  অট্টালিকাক থাকিও সুখী নহ’ব পাৰে যদি পুৰুষজনৰ চৰিত্ৰ ভাল নহয় । নিৰামিষ ভাত এসাজ খাইও সু-চৰিত্ৰ মৰমিয়াল জীৱন সংগী  পুৰুষজনৰ সৈতে সুখী হ’ব পাৰে।কাৰণ  তাত মৰম বুজাবুজি সন্মান খিনিতে স্বৰ্গীয় অনুভূতি অনুভৱ কৰিব পাৰে।

কিন্তু আন এটা কথা নিলিখিলে লেখা অসম্পূৰ্ণ হ’ব । এমুঠি নাৰীৰ কাৰণেও আমাৰ গোটেই  নাৰী সমাজৰ বদনাম হয় । নিজৰ জন্মদিয়া  সন্তানটো দাচবিনত পেলাই থৈ যোৱা মা শব্দৰ কলুষিত কৰা এচাম নাৰী ।যাৰ কাৰণে নাৰীসকল যুগে যুগে অৱহেলিত হয়।

পুৰুষৰ জীৱনৰ ছাঁ দিয়ে নাৰীয়ে ।দুখন ঘৰৰ সম্পৰ্ক ৰক্ষা কৰে নাৰীয়ে।এষাৰ কথা শুনিবলৈ পাওঁ যাৰ নাই তিৰি তাৰ নাই গিৰি ।গতিকে নাৰীয়ে যিহেতু এখন ঘৰৰ মূল আধাৰ চালিকা শক্তি সেই শক্তিক অকণমান মৰম আৰু বিশ্বাস সন্মান পালেই সুখী অনুভৱ কৰে সেয়া তেওঁৰ অধিকাৰ পোৱাৰ যোগ্য  ।সেই খিনি দিয়াটো পুৰুষৰ কৰ্তব্য। সেইখিনিতে সকলো নাৰী সুখী হ’ব পাৰে।