এখিলা পাতত শীতৰ বতৰা- অনন্যা পূজাৰী

এখিলা পাতত শীতৰ বতৰা

শীতৰ আৰম্ভনি বাৰু ক’ত!!সেই যে আহিন-কাতি মাহত পুৱাতে দুৱৰিৰ পাতত দুটোপ নিয়ঁৰ সৰি ৰয়;আৰু যে ওলমি থকা চিৰিলি পাতৰ মাজেৰে জিলিকণি তোলা কাঁচিয়লি ৰ’দজাক হেঁপাহৰ হয় ,তাৰ মানেই শীতে কুঁৱলি ফালি আকৌ এটি নতুনৰ বাট বোলায়।আনফালে শীত বুলিলেই এই যে হেঁপাহৰ আঘোণে সোণোৱালী ৰং সানে,পথাৰৰ ঘামবোৰেও ভৰাঁলৰ বুকুত ৰহণ সানিবলৈ ঢাপলৈ মেলে।মুঠতে শীত মানেই যেন এটোপোলা সামৰি ৰখা নষ্টালজিয়া।

সময়বোৰ সলনি হ’ল,বহুসংখ্যকৰ হেপাঁহৰ ডিচেম্বৰ মাহৰ লগত এক হোৱা বনভোজ শব্দটো এতিয়া যেন কিছু হেঁৰোৱাৰ বাটত ।হ’লেও; আপোনসকলৰ লগত তৃপ্তিৰ এসাঁজ,বিশেস কাৰোবাৰ লগত সুকীয়া আমেজ বিচাৰি অকৃত্ৰিম পৰিৱেশৰ লগত এপলক কথা পতা…. ।এইসমূহৰ পৰা আঁতৰি জানোঁ সকলো থাকিব পাৰে!!আহৰি উলিয়াই এইসমূহ উপভোগ কৰাৰ নিৰ্দেশ কেৱল যেন শীতেহে দিয়ে।য’ত লুকাই থাকে ভাল লগা এবুকু নিৰ্ভেজাল হাঁহি।

এই যে মাঘৰ একুৰা উমাল জুই, তাৰ কাষত মনেৰে বান্ধ খোৱা সকলৰ লগত সন্ধিয়াৰ এপিয়লা চাহ আৰু দুআষাৰ আড্ডা …।ইয়াৰ অবিহনে জানোঁ শীতৰ বতৰাবোৰ আধৰুৱা হৈ নাথাকিব!কিছুসংখ্যকৰ বাবে আমেজবোৰ আৰু সোৱাদভৰা হ’ব যদিহে চকুৰ আগত এখন মনে মিলা কিতাপ,আৰু কাণত বজা সুৰীয়া গীতেৰে এটা সেমেকা ৰাতি ,য’ত শব্দবোৰ আৱেগভৰা হৈ বাজে।সঁচাই শীত যেন নিজেই এটা কৈ যোৱা কাহিনী …!

অনন্যা পূজাৰী
বোকাখাত।