এখন সুন্দৰ পৃথিৱীৰ আকাংক্ষাত- কবিতা শৰ্মা

pc kashmir Reader

এখন সুন্দৰ পৃথিৱীৰ আকাংক্ষাত

আমি বাস কৰা এই মনমোহা সেউজ পৃথিৱীখন, নীলা আকাশৰ বুকুত উৰি ফুৰা আলসুৱা মেঘবোৰ, জোন বেলি তৰা, সাগৰৰ গৰ্জন, নদ নদীৰ ঢৌৰ কলকলনি, বৰফাবৃত সুউচ্চ পর্বতমালা, কুলু – কুলুকৈ বৈ অহা পাহাৰী ঝৰ্ণাবোৰ, সেউজ দলিছা সদৃশ ঘাঁহনি, পথাৰৰ সোণোৱালী শইচ, হেঙুলীয়া পখিলা পাখী, শীতল বতাহ জাকত ভাহি অহা সুগন্ধি ফুলৰ মধুৰ সুবাস ,সৰু ডাঙৰ জীৱ-জন্তুৰ পৰা ক্ষুদ্রাতিক্ষুদ্র কীট-পতঙ্গলৈ এই সকলো বোৰ মিলিয়েই সৃষ্টি হৈছে আমাৰ এই সুন্দৰ প্ৰকৃতি …যিফালেই চাও সিফালেই প্ৰকৃতিৰ ৰূপসুধা। এনে লাগে যেন প্ৰকৃতিৰ অলেখ সমল গোটাই ৰং – তুলিকাৰে অকা কোনো শিল্পীৰ অপূৰ্ব চিত্ৰৰূপ বা কোনো কবিৰ কল্পনাৰ অপৰূপ বৰ্ণনা। সচাকৈয়ে আমাৰ এই বিনন্দীয়া প্ৰকৃতি সৰ্বত্ৰ প্ৰাণ প্ৰাচুৰ্য্যৰে ভৰা যেন এক ভিন্ন সত্তা … কিন্তু হায়! বিনন্দীয়া প্ৰকৃতিৰ এই সন্তুলিত প্ৰাচুৰ্য্যত আঘাত হানিছে জীৱ শ্ৰেষ্ঠ বুলি নিজেই প্ৰশস্তি লাভ কৰা মানুহৰূপী পৃথিৱীৰ সৰ্ববৃহৎ উপাদানটোৱে ৷ নিজ হাতেৰেই আমি ভাঙিচিঙি তচনচ কৰিছো প্ৰকৃতিৰ এই অপূৰ্ব চিত্ৰৰূপ, অপৰূপ বৰ্ণনাৰ সুন্দৰ কবিতা !

এই বিনন্দীয়া পৃথিৱীত মনুহ বাচি থাকিবলৈ হ’লে বাচি থাকিব লাগিব সেউজীয়া অৰণ্য আৰু তাত বাস কৰা প্ৰাণীবোৰ । বন্য প্রাণী আৰু উদ্ভিদ বিহীন এখন পৃথিৱীত মানুহো বাচি থাকিব নোৱাৰে। ইয়াৰ নিবাৰণৰ একমাত্ৰ উপায় হ’ল প্ৰকৃতিৰ লগত নিকট সম্পৰ্ক ৰাখি বসবাস কৰা । প্রকৃতি বুলি কলে কেবল গছ-গছনি বা জীব জন্তু কে নুবুজায় বায়ু, পানী, মাটিও ইয়াৰ অন্তৰ্গত। সেয়েহে প্রকৃতি ধ্বংস মানে কেবল গছ – গছনি, অৰণ্য ধ্বংসই নহয়, মাটি-বায়ু – পানী – শব্দ আদিৰ প্ৰদুষণ আৰু অস্বাস্থ্যকৰ পৰিবেশৰ বাবে হোৱা মানুহ অন্যান্য জীৱ-জন্তুৰ মৃত্যুকো প্রকৃতি ধ্বংসৰ অংশ হিচাপে মানি লোৱা হয়।

বর্তমান যুগত শিক্ষিত শ্ৰেণীৰ সকলো মানুহে ক্রমবর্ধমান প্ৰদুষণ- বা ইয়াৰ কাৰণ সমূহ যেনে — অৰণ্য ধ্বংস, সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি, গোলকীয় উষ্ণিকৰণ, মৰুকৰণ ইত্যাদি কোনো কথাই নজনা হৈ থকা নাই । কিন্তু তথাপিও অশিক্ষিত সকল তো বাদেই শিক্ষিত সকলৰ মাজতো যেন সজাগতাৰ অভাব। স্বচ্ছ ভাৰত কার্যসূচীয়েও আনকি দেশৰ শিক্ষিত শ্ৰেণীৰ লোক সকলৰ মাজত সজাগতা আনিব পৰা নাই । সেয়েহে নিজে পৰিষ্কাৰ-পৰিচ্ছন্ন ধুনীয়া বাসভৱনত থাকিও আমি ভাৰতীয় লোক সকলৰ চৌপাশৰ কদৰ্য পৰিবেশ দূৰীকৰণ আৰু প্ৰদুষণৰ ক্ষেত্ৰত সামান্যতম বৰঙনি আগবঢ়োৱাৰ প্ৰতিও যেন অনীহা। আৰাম প্ৰিয় এই শিক্ষিত আধ্যৱন্ত শ্ৰেণীৰ লোকসকলে এদিনৰ বাবেও নিজৰ বিলাসী গাড়ীৰ বিলাস এৰিব নোৱাৰে। য’ত নেকি পশ্চিমীয়া দেশবোৰত আজিও বাই চাইকেলৰ জনপ্রিয়তা হ্রাস পোৱা নাই । তাত বহু গণ্য মাণ্য ব্যক্তিয়ে আজিও বাইচাইকেল ব্যৱহাৰ কৰে। ভাৰত চৰকাৰে যিমানেই আঁচনি ঘোষণা নকৰক কিয় যেতিয়ালৈকে ভাৰতৰ সকলো শ্ৰেণীৰ লোকে দেশৰ দায়িত্বশীল নাগৰিক হৈ নুঠে তেতিয়ালৈকে, প্ৰদুষণৰ কলীয়া ডাঁৱৰ আতৰি নাযায়।

৫ জুনৰ দিনটো সমগ্ৰ বিশ্বতে “বিশ্ব পৰিবেশ ” দিবস হিচাপে পালন কৰা হয়। ই’ৰাজীত চমুকৈ ই “ইক’ ডে” হিচাপেও জনাজাত । ১৯৭২ চনৰ ৫ জুনত ছুইডেনৰ ৰাজধানী ষ্টকহ’মত ইয়াৰ সূচনা হয় যদিও এবছৰৰ প্ৰস্তুতিৰে ১৯৭৪ চনৰ ৫ জুনত প্ৰথম বিশ্ব পৰিৱেশ দিবস পালন কৰা হয়। ইয়াৰ সাৰ কথা — পৃথিৱী মাত্ৰ এখনেই….. গতিকে পৃথিৱীৰ সুস্বাস্থ্যৰ ওপৰত কুপ্রভাব পেলাব পৰা কর্ম কাণ্ড বা বিষয় একোটা সাৰ বস্তু হিচাপে লৈ পৰিবেশ দিবস পালন কৰা হয়। কিন্তু পালন কৰা মানেই বিশ্বৰ পৰিবেশ শুদ্ধ হৈ যোৱা নুবুজায়। এই দিবস নো প্ৰকৃততে কি, ইয়াৰ তাৎপৰ্যই বা কি, যেতিয়ালৈকে এই বিষয়ে এটা স্পষ্ট ধাৰণা মানুহৰ অন্তৰত হৈ নুঠে তেতিয়ালৈকে ই মুল্যহীন হৈ থাকিব৷ ৰাষ্ট্ৰসংঘৰ বিশ্বপৰিবেশ দিবস উদযাপন কৰাৰ প্ৰকৃত উদ্দেশ্য আছিল পৰিবেশিক বিষয় বোৰলৈ মানুহৰ মনযোগ আকৰ্ষণ কৰা আৰু পৰিবেশিক ক্ষতি নোহোৱাকৈ পৰিসীমিত আৰু সমানুপাতিক বিকাশৰ বাবে সক্রিয় ভাবে কাম কৰিবলৈ মানুহক সুযোগ সুবিধা দিয়া । পৰিবেশিক সমস্যাবোৰ যাতে সকলো জাতি সম্প্রদায়ে বুজি পায় — তাৰ বাবে ব্যৱস্থা লোৱা ৷ প্ৰতি খন ৰাষ্ট্ৰৰ মানুহে যাতে একেখন বিশ্বৰ অংশীদাৰ হিচাপে সমূহীয়াকৈ কাম কৰে। আমাৰ ভবিষ্যত প্রজন্মই যাতে এক নিৰাপদ সমৃদ্ধিময় ভবিষ্যত উপভোগ কৰিব পাৰে তাৰ সচেতনতা বৃদ্ধি কৰা ।

পৰিবেশ দিবস আমাৰ অসমতো বৰ উলহ মালহেৰে পালন কৰা হয়। এই দিবস উপলক্ষে স্কুল- কলেজ, চৰকাৰী বেচৰকাৰী কার্যালয় বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান প্রায় সকলোতে গছপুলি ৰোৱা হয়। কিন্তু তথাপিও এই বিষয়ে আমিবোৰ কিমান সজাগ এই কথা সন্দেহৰ উৰ্দ্ধত নহয়। বর্তমান বৃক্ষৰোপণ কাৰ্য্য একপ্ৰকাৰ উৎসবলৈ পৰিণত হোৱালৈ চালে আমাৰ ৰাজ্যখন গছ গছনিৰে নধৰা হৈ পৰিব লাগিছিল যেন অনুমান হয়। কিন্তু কাৰ্য্যক্ষেত্ৰত তেনে নহয়। কাৰণ গছ পুলিবোৰ কেবল মাত্র দায়সৰাৰ দৰে ৰুই থলেই নহব, সিহঁতৰ উপযুক্ত সুৰক্ষা আৰু প্ৰতিপালনৰ ব্যৱস্থাও কৰিব লাগিব ৷ আন এক গুৰুত্বপূৰ্ণ কথা হ’ল চোৰাং চিকাৰীয়ে ৰাজ্যখনৰ বনাঞ্চলৰ পৰা গছ- গছনি কটাৰ লগতে জীবজন্তু হত্যা কৰি থকাটো প্ৰায়েই বাতৰি কাকত তথা অন্যান্য মিডিয়াত প্ৰকাশ পাই থকা স্বত্বেও চৰকাৰ আৰু বন বিভাগে ইয়াৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ লব পৰা নাই আৰু তাৰ কাৰণে ইয়াক প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ একো একোটা যন্ত্ৰ সদৃশ বিভাগ আছে যদিও বিভাগৰ বহু কর্মীয়ে দুৰ্নীতিত লিপ্ত হৈ দুষ্কৃতিকাৰীৰ লগ লাগি দুষ্কৰ্ম কৰি আহিছে। চৰকাৰৰ কৌটি কৌটি টকা আত্মসাৎ কৰি আছে। এই ক্ষেত্ৰত সমাজ সচেতন নাগৰিকৰ উপৰিও বিভিন্ন সন্থা সমূহে গভীৰ ভাবে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আৰু সময় আহি পৰিছে।

অবশ্যে এই বিষয়ত কেবল চৰকাৰ, চৰকাৰী বিভাগ বা অন্যান্য সন্থা সমূহৰ ওপৰত দায়িত্ব দি বহি নাথাকি সাধাৰণ ৰাইজৰো এই বিষয়ত কিছু দায়িত্ব আৰু কৰ্তব্য আছে। প্রাকৃতিক পৰিবেশ ৰক্ষাৰ স্বাৰ্থত প্ৰথম খোজটো আমি আমাৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব পাৰোঁ । যেনে —

* প্রতিজন লোকে নিজৰ ঘৰ পৰিষ্কাৰ কৰি ৰখাৰ দৰে ঘৰৰ চৌহদ আৰু আশ-পাশ পৰিষ্কাৰ কৰি ৰখা।
* নিজৰ ঘৰ, চৌহদ, ৰাস্তাৰ কাষত গছ পুলি ৰোপন কৰি সুৰক্ষা আৰু প্ৰতিপালনৰ ব্যৱস্থা কৰি সুন্দৰ পৰিবেশৰ সৃষ্টি কৰা।
* ঘৰৰ পেলনীয়া সামগ্ৰী, জাবৰ-জোথৰ য’তে ত’তে নেপেলাই নিৰ্দিষ্ট ডাষ্টবিনত পেলোৱা ৷ আলিবাটত পৌৰসভাই সাজি দিয়া ডাষ্টবিনটোত জাবৰ-জোথৰ বোৰ যাতে বাহিৰত পৰি চৌপাশে দুর্গন্ধময় কদৰ্য পৰিবেশৰ সৃষ্টি কৰি মানুহৰ যাতায়তত বাধাৰ সৃষ্টি নকৰে সেই বিষয়ে সচেতন হোৱা ।
*পেট্ৰল ডিজেলৰ ব্যৱহাৰ যিমান পাৰি কমকৈ কৰা। চাইকেলৰ ব্যৱহাৰে আৰ্থিক দিশত সকাহ দিয়াৰ উপৰিও সুস্বাস্থ্য ৰক্ষাত অৰিহনা যোগায়।
* প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ সম্পূর্ণ বন্ধ কৰি তাৰ ঠাইত কাপোৰৰ বেগ ব্যৱহাৰ কৰা।
*যিকোনো উৎসৱ পৰ্বন, বিয়াবাৰু বা জন্মদিনত
কৃত্ৰিম সামগ্ৰীৰ সলনি যিকোনো জৈবিক সামগ্রী যেনে-কাঠ বাঁহ বেতেৰে প্ৰস্তুত সামগ্ৰী, কিতাপ, ফুল, পেইন্টিং,বা যিকোনো গছৰ পুলি উপহাৰ হিচাপে দিব পৰা যায় ৷ পেকিঙৰ ক্ষেত্ৰতো ৰঙীন বা ফুলাম কাপোৰ বা গছৰ শুকান পাতো সৃষ্টিশীল মনৰ পৰশ পাই সুন্দৰ এটি আবৰণ হব পাৰে।

* বনভোজলৈ গ’লে বনভোজস্থলীৰ আশেপাশে থকা পৰিবেশ যাতে বিনষ্ট নহয়, চাউণ্ড চিষ্টেম উচ্চস্তৰত বজাই যাতে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি নহয়, আহিবৰ সময়ত বনভোজস্থলী পৰিষ্কাৰ হৈ থকাৰ বিষয় বোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত।
এই কথা সচা যে ঘাই প্ৰদুষণ বিধ হৈ আছে আমাৰ মনৰ মাজত। এই প্ৰদুষণ দূৰ কৰিব নোৱাৰিলে বাহিৰৰ বোৰ দূৰ কৰাৰ চিন্তা কৰি বিলাসিতা কৰিব পাৰিলেও পৰিবেশ উন্নতি কৰিব নোৱাৰি।পৃথিবীৰ উন্নত ৰাষ্ট্ৰসমূহত পৰিবেশ নিয়ন্ত্ৰণ কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য বুলি ধৰা হয় কাৰণে সেই দেশসমূহৰ প্ৰদুষণ আমাৰ দেশতকৈ যথেষ্ট কম।

ড° ভূপেন হাজৰিকা দেৱে তেখেতৰ এটি গীতেৰে কৈছিল

বিশ্ব বিনন্দীয়া বুলি ভবা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা আপোন মাতৃৰ অশ্রু নমচিলে বিশ্ব প্রেম হব বৃথা তুমি বিশ্বৰ পঙ্গু অঙ্গ হ’লে বিশ্বই জানো ভাল পাব ?

সুন্দৰ বিশ্বখনক আমি সকলোৱে ভাল পাব পাৰো। কিন্তু তাৰ আগতে আমি নিজৰ মাতৃৰ চকুলো মচিব লাগিব। নহলে বিশ্ব প্ৰেমৰ কোনো মূল্য নাথাকিব। এই সুন্দৰ পৃথিৱীখনত জনমি সচেতন নহলে আমাৰ অস্তিত্বই নোহোৱা হব। বিনষ্ট পৰিবেশৰে পঙ্গু অসমখন জানো বিশ্বৰ বাবে গ্ৰহণযোগ্য হব? আহক পৰিবেশ দিবসৰ এই প্ৰাক ক্ষণত ভবিষ্যতৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীখনক চিৰসেউজীয়া আৰু জীৱকূলৰ উপকাৰী কৰি ৰখাৰ স্বাৰ্থত আমি সকলো ঐক্যবদ্ধ ভাবে ঠিয় দিবলৈ প্ৰয়াস কৰোঁ ৷

আমাৰ পূৰ্বৰ সুজলা সুফলা শস্য শ্যামলা অসমখনৰ পুনৰ উদ্ধাৰ কৰাৰ মানসেৰে আমাৰ কৰনীয় দায়িত্ব খিনি পালন কৰো। বিশ্ববাসী লৈ ইয়াতকৈ ভাল উপহাৰ কি হব পাৰে ? নহলে হয়তো আমাৰ এই সেউজ পৃথিবীখন মঙ্গলগ্রহ সদৃশ নিষ্প্রাণ বলুকাময় গ্ৰহত পৰিনত হবলৈ বেছি দিন নালাগিব।

কবিতা শৰ্মা
দিল্লী