এখন ভৰিৰেই বিদ্যালয়লৈ ১ কিলোমিটাৰ খোজকাঢ়ি যায় ১০ বছৰীয়া সীমা

pc The Janambhumi

এখন ভৰিৰেই বিদ্যালয়লৈ ১ কিলোমিটাৰ খোজকাঢ়ি যায় ১০ বছৰীয়া সীমা

ৰঙিলী বাৰ্ত্তাসেৱা–  একাধিক ছচিয়েল মিডিয়া একাউণ্ট আৰু বাতৰি চাইটত ভাইৰেল হৈছে বিহাৰৰ এগৰাকী ১০ বছৰীয়া দিব্যাংগ কিশোৰীৰ ভিডিঅ’। এখন ভৰি নোহোৱাৰ পাছতো এই কিশোৰীগৰাকীৰ মনত অদম্য হেঁপাহ।তাই এটা ভৰিৰে তাইৰ স্কুললৈ খোজ কাঢ়ি যায়।তাইৰ নাম সীমা।
তাই বিহাৰৰ জামুইৰ বাসিন্দা।ছোৱালীজনীয়ে ডাঙৰ হ’লে শিক্ষক হ’ব বিচাৰে।তাই এগৰাকী শিক্ষক হৈ মানুহক শিক্ষিত কৰিব বিচাৰে।সীমাৰ দেউতাকে এজন শ্ৰমিক হিচাপে কাম কৰে আৰু মাতৃয়ে ইটাৰ ভাটাত কাম কৰে।এক দুৰ্ঘটনাৰ পিছত সীমাৰ ভৰি কাটিব লগা হৈছিল।ভৰি নোহোৱাৰ পাছতো সীমাই উৎসাহ কমাই দিয়া নাছিল।সীমাই এখন ভৰিৰে খোজ কাঢ়ে আৰু তাইৰ ঘৰৰ পৰা প্ৰায় কিলোমিটাৰ দূৰত স্কুললৈ যায়।ছচিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত, বলীউড অভিনেতা চনু সুদে ছোৱালীজনীক সহায় কৰাৰ প্ৰস্তাৱ দিছে।ছোৱালীজনীৰ ভিডিঅ’ শ্বেয়াৰ কৰি চনু সুদে লিখিছে,”এতিয়া তাই দুয়োখন ভৰিৰ ওপৰত জঁপিয়াই স্কুললৈ যাব।মই টিকটটো পঠিয়াই আছোঁ, দুয়োখন ভৰিৰে খোজ কাঢ়িবলৈ সময় আহি পৰিছে।”