‘এখন বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি জৰুৰী’ঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

‘এখন বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি জৰুৰী’ঃপ্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-   দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় দিনটোত যোৰহাটৰ মেলেং মেটেলিত আয়োজিত এক বিশাল ৰাজহুৱা অনুষ্ঠানত ১৭,৬০৬ কোটি টকা ব্যয়সাপেক্ষে ৭টা বৃহৎ প্রকল্প উদ্বোধন অথবা লোকাৰ্পণ কৰাৰ লগতে ৫টা বৃহৎ প্ৰকল্পৰ শিলান্যাস কৰে।প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৮,৫০০ কোটি টকা ব্যয়সাপেক্ষে প্রধানমন্ত্রী আবাস যোজনা-গ্রামীণৰ অধীনত নির্মিত ৫,৫৫,৫৫৫টা আৱাসত গৃহ প্রৱেশ, ৬২০ কোটি টকা ব্যয়সাপেক্ষে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ অধীনত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, চাৰি হাজাৰ কোটি টকা ব্যয়সাপেক্ষে প্রধানমন্ত্রী উর্জা গংগাৰ অংশ হিচাপে বাৰাউনী-গুৱাহাটী প্রাকৃতিক গেছ পাইপলাইন, ৬০০ কোটি টকা ব্যয়সাপেক্ষে নাহৰকটীয়া-বাৰাউনী খাৰুৱা তেলৰ পাইপলাইনৰ বাৰাউনী-বঙাইগাঁও-গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা বর্ধিতকৰণ, ৫০ কোটি টকা ব্যয়সাপেক্ষে দুলীয়াজানৰ ১নং পাম্প ষ্টেচনৰ পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইনৰ প্ৰতিস্থাপন, ৮১০ কোটি টকা ব্যয়সাপেক্ষে নিউ বঙাইগাঁও-গোৱালপাৰা-কামাখ্যা ৰে’লপথ প্ৰকল্পৰ ধূপধৰা-ছয়গাঁও শাখাৰ ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ দ্বৈতকৰণ প্রকল্প, ৫২০ কোটি টকা ব্যয়সাপেক্ষে নিউ বঙাইগাঁও-ৰঙিয়া-আগিয়াঠুৰী দ্বৈতকৰণ প্রকল্প আৰু নিউ বঙাইগাঁও-সৰভোগ শাখাৰ ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ দ্বৈতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই প্রকল্পসমূহৰ মুঠ ব্যয় হৈছে ১৫,১০০ কোটি টকা।  এই অনুষ্ঠানতে ৫০০ কোটি টকা ব্যয়সাপেক্ষে পিএম ডিভাইন অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ আঁচনিৰ অধীনত শিৱসাগৰ জিলাৰ ডিমৌত ১০০খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ৩০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটীৰ বি বৰুৱা কৰ্কট চিকিৎসালয়ত ৰক্তজনিত কৰ্কট ৰোগ আৰু শিশুৰ কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্র, ৮০০ কোটি টকা ব্যয়সাপেক্ষে ডিগবৈ শোধনাগাৰৰ বাৰ্ষিক উৎপাদন ক্ষমতা ০.৬৫ৰ পৰা ১ নিযুত মেট্রিকটনলৈ বৃদ্ধিকৰণ, ৫০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা ১.০ৰ পৰা ১.২ নিযুত মেট্রিকটনলৈ বৃদ্ধিকৰণ আৰু ৩০০ কোটি টকা ব্যয়সাপেক্ষে ভাৰতীয় তেল নিগমৰ বেতকুছি (গুৱাহাটী) টার্মিনেলৰ সুবিধাসমূহৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণ প্ৰকল্পৰ শিলান্যাস কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে এখন বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি প্রয়োজনীয়। তেওঁ সমগ্র উত্তৰ-পূৱক নিজৰ পৰিয়াল বুলি গণ্য কৰে। সেইবাবেই বছৰ বছৰ ধৰি পৰি থকা প্ৰকল্পসমূহৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। শৰাইঘাটৰ দলং, ধলা-শদিয়া দলং, বগীবিল দলং, বৰাক উপত্যকালৈকে ৰে’লপথৰ ব্ৰডগজ সম্প্ৰসাৰণ, মাল্টি মডেল ল’জিষ্টিক পার্ক, ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন নতুন দলং নিৰ্মাণৰ কাম কৰা হৈছে। ২০১৪ চনত অসমত এটা জলপথৰ বিপৰীতে এতিয়া উত্তৰ-পূবত ১৮টা জলপথৰ প্ৰকল্প কৰা হৈছে। এই প্রকল্পসমূহে অঞ্চলটোত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। যোৱা কেবিনেট বৈঠকত বিস্তাৰিত পৰিষদৰ সৈতে নতুন ৰূপত অনুমোদন জনোৱা উন্নতি আঁচনিৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে কেবিনেটে মৰাপাটৰ বাবে এমএছপি বৃদ্ধি কৰিছে। যাৰ ফলত ৰাজ্যৰ মৰাপাট খেতিয়কসকল উপকৃত হ’ব। প্রধানমন্ত্রীগৰাকীয়ে ৰাইজৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞতা প্রকাশ কৰি কয় যে প্রতিজন ভাৰতীয়ই তেওঁৰ পৰিয়াল। ভাৰতৰ ১৪০ কোটি নাগৰিকক তেওঁৰ পৰিয়াল বুলি বিশ্বাস কৰাৰ বাবেই নহয়, দিনে-নিশাই তেওঁলোকক সেৱা আগবঢ়াই থকাৰ বাবেই মোদীৰ ওপৰত জনতাৰ মৰমৰ সূচনা হয়।  এই অনুষ্ঠানটোৱে এই বিশ্বাসক প্রতিনিধিত্ব কৰাৰ কথা উল্লেখ কৰি মোদীয়ে ভাষণত কয় যে আজি সভাস্থলীত বিপুল জনসমাগমৰ লগতে ৰাজ্যখনৰ ২০০টা ভিন্ন স্থানৰ পৰা আজি দুই লাখ লোকে এই সভাত যোগদান কৰিছে। তেওঁৰ আগমনৰ সময়ত গোলাঘাটৰ জনসাধাৰণে হাজাৰ হাজাৰ বন্তি জ্বলোৱাৰ দৃশ্য প্রত্যক্ষ কৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে জনসাধাৰণৰ মৰম আৰু আদৰেই তেওঁৰ বৃহৎ সম্পদ হিচাপে গঢ় লৈ উঠে। ‘বিকাশ ভি ঔৰ বিৰাসত ভি’ বিকাশৰ লগতে ঐতিহ্যও আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্ৰ হৈ অহাৰ কথা উল্লেখ কৰি ভাষণত মোদীয়ে কয় যে আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তিখণ্ডত অসমে দ্রুত অগ্রগতি লাভ কৰিছে।  ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি মুকলি কৰা ৫,৫৫,৫৫৫টা পি এম আৱাস কেৱল ঘৰ নহয়, শৌচাগাৰ, গেছ সংযোগ নহয়, বিদ্যুৎ আৰু পাইপৰ পানী সংযোগ আদি সুবিধাৰে সজ্জিত কৰা হৈছে। এতিয়ালৈকে ১৮ লাখ পৰিয়ালক এনে ঘৰৰ ব্যৱস্থা কৰা হৈছে আৰু এই ঘৰবোৰৰ বেছিভাগেই মহিলাৰ নামত থকাত তেওঁ সুখ প্রকাশ কৰে। অসমৰ প্ৰতিগৰাকী মহিলাৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ সঞ্চয়ৰ উন্নতিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তর্জাতিক নাৰী দিৱসত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্রাস কৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে। আয়ুষ্মান কাৰ্ডৰ দৰে আঁচনিসমূহেও মহিলাসকলক উপকৃত কৰিছে। জলজীৱন অভিযানৰ অধীনত অসমত ৫০ লাখৰো অধিক পৰিয়ালে পাইপৰ পানীৰ সংযোগ লাভ কৰিছে।  এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রাকৃতিক গেছ আৰু পেট্রলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মাও উপস্থিত থাকে।