এখন জীয়া ছবি – প্ৰাণ প্ৰতিমা বড়া

মনৰ অনুভৱ

 এখন জীয়া ছবি

প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী

এখন জীয়া ছবি ৷ যিখন ছবি  আপোনাৰ , মোৰ আৰু বহুতৰে চিনাকি হৈ পৰিছে ৷ গোটেই দিনৰ দিনটো শিল্পীগৰাকীৰ কণ্ঠই গুৱাহাটীৰ মাজ মজিয়াৰ যিকোনো স্থানত  ৰজনজনাই থাকে ৷ সুমধুৰ কণ্ঠৰ ছোৱালীগৰাকীৰ নাম মনালিছা বৰা ৷ তেওঁৰ সহযোগী সংগী দিপক হাজৰিকা ৷ এতিয়া আচল কথাটো হ’ল — এই দুজন বিশেষ ব্যক্তি বিশেষভাৱে সক্ষম ৷ ছোৱালীগৰাকীৰ কণ্ঠই মোক আকুল কৰিছিল ৷ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ছোৱালীগৰাকীয়ে গীত পৰিবেশন কৰি থাকোঁতে মই তেওঁৰ কাষ চাপি গ’লোঁ ৷ তেওঁলোকৰ মনৰ বুজ লবলৈ বুলি তেওঁলোকৰ সৈতে কিছু সময় কথা পাতিলোঁ ৷ তেওঁলোকৰ মুখেৰে জানিব পাৰিলোঁ তেওঁলোকৰ এখন দৃষ্টিহীন আশ্ৰম আছে ৷ অসমৰ বিভিন্ন ঠাইৰ প্ৰায় ১০ জনমান নিৰাশ্ৰয় দৃষ্টিহীন লোকৰ সৈতে এখন  আশ্ৰম চলাই আছে দিপক হাজৰিকাই ৷ সেই আশ্ৰমখনৰ সভাপতিৰ দায়িত্বও তেওঁ নিষ্ঠাৰে পালন কৰি আহিছে ৷ তেখেতসকলৰ লগত কথা পাতি জানিব পাৰিলোঁ যে আশ্ৰমখন গোলাঘাটৰ বকিয়াল শামুকজান গাওঁত আছে ৷ আটাইতকৈ ভাললগা কথাটো হ’ল এই আশ্ৰমখনৰ সভাপতি দায়িত্বত থকা দিপক হাজৰিকাৰ নিজৰ ঘৰতে আশ্ৰমখন খুলি ৰাখিছে আৰু নিৰাশ্ৰয় দৃষ্টিহীন লোকক আশ্ৰয় দিছে ৷ তেওঁ নিজেই এজন বিশেষভাৱে সক্ষম লোক ৷“ মানুহে মানুহৰ বাবে” শ্ৰদ্ধাৰ ভূপেনদাৰ অন্তৰৰ ভাষাৰ এক জলন্ত উদাহৰণ যেন অনুভৱ কৰিলোঁ ৷ নিৰাশ্ৰয় দৃষ্টিহীন লোকক নিজৰ ঘৰতে আশ্ৰয় দিয়া বিশেষভাৱে সক্ষম এই লোকজনৰ হৃদয়খন কিমান বিশাল ? তাকেই ভাবি মনটো ভৰি পৰিল ৷ তেওঁলোকে পেটৰ ক্ষুধা নিবাৰণৰ বাবে এইদৰে বিভিন্ন মুকলি ঠাইত গীত পৰিবেশন কৰি সাহায্য বিচাৰি তেওঁলোকৰ অভাৱ পুৰ কৰে ৷ ভগৱানৰ অপাৰ লীলা ৷ ভগৱানে সৃষ্টি কৰা এওঁলোকৰ হৃদয়বোৰ সঁচাকৈয়ে বিশাল ৷ আনফালে আমাৰ দৰে সুস্থ-সবল মানুহবোৰে চুৰি-ডকাইতি কৰাৰ ওপৰিও নানানটা অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ হায় মানৱজাতি ৷

এনেধৰণৰ বিশাল হৃদয়ৰ অধিকাৰী লোকজনৰ প্ৰতি শ্ৰদ্ধা উপজিল ৷ নিজৰ সাম্যৰ্থানুযায়ী কিবা অলপ সাহাৰ্য্য আগবঢ়ালোঁ ৷ আমাৰ মাজৰ প্ৰতিগৰাকীলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ —ৰাজহুৱা স্থানত এনে শিল্পীসকলক আমি সন্মান জনোৱাটো বৰ দৰকাৰী , কিয়নো  এখেতেসকলে পাৰ কৰা কষ্টকৰ সময়বোৰ আমাৰ প্ৰতিজনৰ সামান্যতম আদৰে অলপ হ’লেও কমাব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস ৷এই দুদিনীয়া পৃথিৱীত আমি এজনে আনজনক সহমৰ্মিতা আগবঢ়ালে পৃথিৱীখন অধিক সুন্দৰ হৈ পৰিব বুলি মোৰ বিশ্বাস ৷