এখনি নীলা আকাশ আৰু এটি বাট
দীপক ৰায়, আগমনী, ধুবুৰী
আকাশৰ ফালে নাচাওঁ
বহুদিন হ’ল কাৰণ তেনেই সাধাৰণ
নীলিম আকাশৰ নীলাবোৰে বিষাদ সানে
সেই বিষাদৰ অনুভৱ আছে মোৰ মনৰ কোহে কোহে।
এয়াওঁ সঁচা, আকাশখনে বহলতা আনে
কিন্তু কৰ্মময় জীৱনৰ সূক্ষ্ম পৰিধিত
সেই বহলতাই বিষাদৰ বাহিৰে সুখ নানে।
সিদিনা আকাশখন ৰাঙলী হৈছিল
ৰাংঢালি ছোৱালীজনীৰ সেওঁতা ৰাঙলী হ’ল ছাগে,
কাৰোবাৰ সংসাৰ গঢ়ে বাবেই,মোৰ সপোনৰ পৃথিৱী ভাগে।
কাৰোবাৰ সংসাৰ গঢ়ে বাবেই,মোৰ সপোনৰ পৃথিৱী ভাগে।
যি আঙুলিৰে সেন্দুৰ অঁকাৰ কথা আছিল
সেই আঙুলিয়ে আজি স্মৃতি বুটুলিছে ৷
শেষ হেমন্তৰ দুপুৰীয়া শূণ্য প্রশাখাবোৰে
যেনেকৈ অসহায়ভাৱে চাই থাকে বৃক্ষতলি
মইও তেনেকৈ চাই থাকিলো তাইৰ কপালৰ ৰঙা পদূলি।
ক’ৰবাত যেন বাটবোৰে মোৰ বাবে ৰৈ আছিলে মোৰহে যোৱা নহ’ল ….
সেই কাঁইটিয়া প্রান্ত দেশলৈ।
সুখৰ চৰাই উৰি গৈ শিকালে
দুখ আছে বাবেই সুখবোৰ ধুনীয়া সুখক দুখৰ পৰা
পৃথক নকৰিৱা এটি নহ’লে আনটো আধৰুৱা।