এখনি আকাশ
মেৰী বৰদলৈ, নগাঁও
আমাক এখনি
আকাশ দিয়া
য’ত গাঁঠি যাব পাৰোঁ
মনৰ এটি দুটি গাঁথা
আমাক এখনি
নিৰ্মল আকাশ দিয়া
য’ত আঁকিব পাৰোঁ
আমাৰ সপোনৰ
এখনি ৰামধেনু
সাতোবৰণীয়া
আমাক এখনি
আকাশ দিয়া
য’ত হাঁহিব পাৰোঁ
আকাশৰ নীলা নীলাবোৰ
দুচকুত আঁৰি লৈ
হম আপোনপাহৰা
আমাক এখনি
নীলা আকাশ দিয়া
মুকলি আকাশৰ বুকুত
খন্তেক জিৰাব পৰাকৈ
এখনি নীলা আকাশ দিয়া…!