এক লাখ চাকৰি আৰু চাকৰি প্ৰত্যাশি হিচাপে আমাৰ কিছু অনুভৱ- পিংকু ডেকা 

Pc- Techcrunch
এক লাখ চাকৰি আৰু চাকৰি প্ৰত্যাশি হিচাপে আমাৰ কিছু অনুভৱ
বৰ্তমান ৰাজ্যৰ চৰকাৰ খনে যোৱাবেলি  নিৰ্বাচনৰ সময়ত যি এক প্ৰতিশ্ৰুতি হিচাপে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলৰ বাবে মুঠ ১০০০০০ চৰকাৰী চাকৰি দিয়াৰ বাবে সকল্প গ্ৰহণ কৰিছিল। এই সংকল্প সম্পূৰ্ণ ৰূপে উপযুক্ত সময়ত কাৰ্যত পৰিণত হলে ৰাজ্যৰ বহু শিক্ষিত নিবনুৱালৈ আনন্দৰ বতৰাই হাত উজান দি মাতিব। ইতিমধ্যে ৰাজ্যৰ নিচেই কেইটিমান বিভাগতহে খালি পদ পূৰণৰ বাবে আবেদন মুকলি কৰি দিছে। কিন্তু বিভিন্ন বিভাগত খালি হৈ থকা পদ সমূহৰ তুলনাত মুকলি কৰি দিয়া এই পদৰ সংখ্যা নিচেই কম। আকৌ ইতিমধ্যে বছৰটো শেষ হবলৈ আৰু মাত্ৰ দুমাহ হে বাকী আছে। বিগত নিৰ্বাচনৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মৰ্মে  ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত মুঠ ১০০০০০ চৰকাৰী চাকৰি দিবলৈ যায় তেনেহলে বৰ্তমান সময়ত চৰকাৰ খনৰ হাতত সময় থাকিব মাত্ৰ পাঁচ মাহ। এইখিনিতেই ৰাজ্য চৰকাৰৰ পৰা পাই থোৱা পূৰ্বৰ অভিজ্ঞতা দুটামান উনুকিয়াই চালে দেখিবলৈ পোৱা যায় যে  অলপতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱা অসম আৰক্ষীৰ এছ আই পদৰ বাবে আৱেদন কৰাৰ  সুদীর্ঘ তিনি বছৰৰ পিছতহে উক্ত পদৰ বাবে বাচনি পৰীক্ষা প্ৰক্ৰিয়া সম্পন্ন কৰিলে তথা সেই একে বিভাগৰে কনিষ্ঠ পদ সমূহো আৱেদন হোৱাৰ পৰা প্ৰায় তিনি বছৰৰ পিছত বৰ্তমান সময়তহে প্ৰাৰ্থীৰ বাচনি পৰীক্ষা সমূহ অনুষ্ঠিত হৈ থকা দেখা গৈছে ইয়াৰ বাহিৰেও APDCL চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল তিনি বছৰে ঘোষণা কৰিবলৈ অপৰাগ হৈ শেষত খবৰ আহিল যে তাতো দুৰ্নীতিৰ বেহা চলিছে যাৰ বাবে সেই বিভাগৰ বাচনি পৰীক্ষা সমূহ পুনঃ আকৌ নতুনকৈ অনুষ্ঠিত কৰাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। যদি এনেকৈ একো একোটা বিভাগৰ বেছিভাগ পৰীক্ষা পাতিবলৈ তিনি চাৰি বছৰ সময়ৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত আগন্তুক এই পাঁচ মাহৰ ভিতৰত ১০০০০০ চাকৰিৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত  কৰিবলৈ বৰ্তমান ৰাজ্য চৰকাৰ খন সমৰ্থবান হব নে নহয় সেয়া সময়ে কব! তথাপিও আমি আশা ৰাখিছোঁ যে আগন্তুক এই পাঁচ মাহৰ ভিতৰত নিশ্চিত ভাৱে চৰকাৰ খনে ১০০০০০ চাকৰিৰ বাবে  উপযুক্ত প্ৰাৰ্থী বাচনি কৰিবলৈ সক্ষম হব। সেই গতিকে ৰাজ্যৰ আমাৰ নিচিনা  অনেক শিক্ষিত নিবনুৱাই এই ১০০০০০ চাকৰিৰ অংশীদাৰ হবলৈ ভিন ভিন বিভাগৰ প্ৰাৰ্থী বাচনি লিখিত  পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বা ইতিমধ্যে প্ৰস্তুতি চলাই আছে। ইয়াৰ মাজতে আশা ৰাখিম আগন্তুক সময়ত কৰনাঁ পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে  বৰ্তমান সময়ৰ নিচিনাকৈয়ে নজৰ ৰাখি থাকে যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ১০০০০০ চাকৰিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কৰণাক ভাইৰাছক দোষাৰোপ কৰিবলগীয়া নহয় । এই ক্ষেত্ৰত ৰাজ্যৰ সাধাৰণ জনসাধাৰনেও কিছু সাৱধানতা অৱলম্বন কৰা প্ৰয়োজনীয়তা আছে।
       আকৌ ৰাজ্যৰ ভিন ভিন বিভাগ সমূহৰ  চাকৰিৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত নিদিষ্ট বিভাগ সমূহে একোটা লিখিত পৰীক্ষাৰ জৰিয়তেহে একো একোজন উপযুক্ত প্ৰাৰ্থী বাচনি কৰা দেখা যায়। আমি সকলোৱে হয়তো জানো যে উপযুক্ত পৰীক্ষণৰ জৰিয়তেহে বিভাগীয় চাকৰিৰ বাবে একো একোজন প্ৰাৰ্থী নিৰ্বাচন কৰা সম্ভৱ যিয়ে নেকি পিছৰ পয্যায়ত নিজৰ নিজৰ চাকৰিৰ কায্যকালত নিজ নিজ বিভাগত পূৰ্ণ পাৰদৰ্শিতাৰ মাধ্যমৰে সেৱা আগবঢ়াই  জনতাৰ হিতৰ বাবে এক বৃহৎ অৰিহণা যোগাই নিজৰ যোগ্যতাৰ প্ৰাপ্য বৰঙণি আদায় কৰিবলৈ সক্ষম হয়। এনে ক্ষেত্ৰত কিন্তু বিভাগীয় পৰীক্ষা পদ্ধতি সমূহৰ যথেষ্ট অৱদান থাকে। কাৰণ একো একোটা  সুস্থ বাচনি পৰীক্ষাৰ মাধ্যমৰেহে একো একোজন সুস্থ সবল কৰ্মৎসাহি প্ৰাৰ্থী বাচনি কৰা সম্ভৱ। বিগত সময়ত হৈ যোৱা কিছু কিছু চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ৰ ৰাজ্য চৰকাৰ খন কিন্তু  যথেষ্ট সষ্টম হৈ থকাতো নিচেই প্ৰয়োন। ইয়াৰ বাহিৰেও কেতিয়াবা দেখা পোৱা যায় যে ৰাজ্যৰ  কিছুমান বিভাগৰ চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি পৰীক্ষাৰ অন্তত কিছুমান প্ৰাৰ্থীয়ে উক্ত পৰীক্ষাৰ দোষ ক্ৰুটি সমূহ লৈ হাইকোর্টৰ ওচৰ চাপে বা পৰীক্ষাৰ প্ৰশ্ন কাকতত  নিৰ্দিষ্ট বিষয় বস্তু সাঙুৰি লোৱাৰ পৰিবৰ্তে নিৰ্দিষ্ট বিষয় বস্তুৰ বাহিৰত পৰীক্ষাৰ প্ৰশ্ন কাকত যুগুতোৱা , ভুল প্ৰশ্নউত্তৰ ,পৰীক্ষাৰ নীতি নিয়ম সমূহ সঠিক ৰূপত নিয়ন্ত্ৰণত অপাৰগৰ আদি অভিযোগৰ বিষয় সমূহ সততে দেখা যায়। গতিকে আহিবলগীয়া দিনবোৰত ৰাজ্যৰ ভিন ভিন বিভাগৰ চাকৰিৰ বাবে  প্ৰাৰ্থী বাচনিৰ সৈতে জড়িত  নিৰ্দিষ্ট বিভাগসমূহে আগবাঢ়ি আহি উক্ত  বাচনি পৰীক্ষা সমূহ সুচাৰুৰূপে পৰিচালনা কৰি উপযুক্ত প্ৰাৰ্থী বাচনিত গুৰুত্ব দিব লাগে। তাৰোপৰি বেছিভাগ চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি লিখিত পৰীক্ষাৰ মাধ্যমসমূহ  ইংৰাজী হোৱা দেখা যায়। কিন্তু অসমত অসমীয়াৰ প্ৰভুত্ব চলাবলৈ হলে অফিচ কাছাৰী সমূহতো নিশ্চিতভাৱে  অসমৰ শিক্ষিত অসমীয়া মানুহ থাকিবই লাগিব। আকৌ অসমৰ প্ৰধান ভাষা অসমীয়া স্বৰূপে এই চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি লিখিত পৰীক্ষা সমূহৰ মাধ্যমো অসমীয়াই হব লাগিছিল। কিন্তু সেইটো নহৈ কেৱল ইংৰাজী ভাষাটোকহে আগস্থান দি ইংৰাজী ভাষাত দুৰ্বল একাংশ অসমীয়াক এই চৰকাৰী চাকৰি সমূহৰ পৰা আঁতৰত ৰখাৰ এখন মঞ্চ গঢ়ি তোলা যেন এক অনুভৱ জাগ্ৰত হৈছে। গতিকে আশা ৰাখিম আগন্তুক হব লগীয়া চৰকাৰী চাকৰিৰ বাবে  প্ৰাৰ্থী বাচনি পৰীক্ষা সমূহৰ মাধ্যম হিচাপে অসমীয়া ভাষাতো ব্যৱহাৰ কৰি অসমৰ পাহাৰ ভৈয়ামত বাস কৰা প্ৰত্যেকজন অসমীয়াকে এই চৰকাৰী চাকৰি সমূহৰ বাবে এটা সুবিধা প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত কিন্তু পৰিবৰ্তনৰ জয় গান গাই থকা পৰিৱৰ্তনশীল বৰ্তমান চৰকাৰ খনৰ দায়িত্ব অপাৰ। ইয়াৰ বাহিৰেও বিগত সময়চোৱাত দেখা কিছু চৰকাৰী চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াত অতিৰিক্ত একাডেমীক চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি  অতিৰিক্ত একো একোটা নম্বৰ দিয়া প্ৰণালী সমূহেও বহু খেলি মেলি  সৃষ্টি কৰি অহা দেখা গৈছে। এই চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত উচ্চ পয্যায়ৰ নম্বৰ সমুহে কেতিয়াবা প্ৰকৃত competition ৰ মাজেৰে চাকৰিৰ প্ৰাৰ্থী নির্বাচনত অধিক প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি লিখিত পৰীক্ষা প্ৰক্ৰিয়াৰ অনুষ্ঠিত হৈ যোৱাৰ  পিছত অতিৰিক্ত উচ্চ পয্যায়ৰ এই নম্বৰ সমুহে হয়তো কেতিয়াবা একো একোজন উপযুক্ত প্ৰাৰ্থী বাচনিত প্ৰভাৱ পেলাব পাৰে। সেয়েহে যিটো বিভাগীয় চাকৰিৰ বাবে যি নিম্নতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন সেই অৰ্হতাৰ ওপৰতেই নিয়ম অনুসৰি অতিৰিক্ত নম্বৰ দিয়া প্ৰয়োজন কিন্তু ওপৰঞ্চি অন্য  শিক্ষাগত অৰ্হতাৰ বাবে অন্য আৰু নম্বৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকে বা থাকিব নালাগে। যিটো নেকি দেশৰ ছুপ্ৰীম কোর্টেও কয়। প্ৰয়োজন সাপেক্ষে  বিগত সময়চোৱাত চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি দি থকা অতিৰিক্ত  নম্বৰ সমূহ সেই শিতানৰ পৰা কাতি আনি লিখিত পৰীক্ষাৰ লগত যোগ কৰি লিখিত পৰীক্ষাৰেই মুঠ নম্বৰ বঢ়াই তোলাৰ ব্যৱস্থা কৰিব লাগে তথাপিও কিন্তু প্ৰাৰ্থী বাচনি পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পয্যায়ত অতিৰিক্ত চাৰ্টিফিকেটৰ ওপৰত অতিৰিক্ত উচ্চ পয্যায়ৰ নম্বৰ দিয়া প্ৰথা বন্ধ কৰিব লাগে। ইয়াৰ পিছতো যদি যোৱাবেলিৰ  ৰাজ্য চৰকাৰৰ কিছু কিছু চৰকাৰী চাকৰিৰ বাবে প্ৰাৰ্থী বাচনি পৰীক্ষা প্ৰক্ৰিয়াত দৰে অতিৰিক্ত চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি অন্য ওপৰঞ্চি নম্বৰ দিয়া হয় তেনেহলে তেনে বিভাগীয় চাকৰিৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত  লিখিত পৰীক্ষা প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বিপৰীতে অতিৰিক্ত চাৰ্টিফিকেট থকা প্ৰাৰ্থী সমূহক প্ৰত্যক্ষভাৱে আমন্ত্ৰণ জনাই নিযুক্তি ব্যৱস্থা কৰা উচিত। কিয়নো তেনে কৰিলে অতিৰিক্ত চাৰ্টিফিকেট নথকা প্ৰাৰ্থী সকলে তেতিয়া হয়তো সেই বিভাগৰ চাকৰি বিচাৰি মিছাতে হাবাথুৰি খাব লগীয়া নহয়। চাকৰিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন লিখিত পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ন ৰূপে অনুষ্ঠিত হৈ যোৱাৰ পিছত বিভিন্ন অভাৱ অভিযোগ লৈ হাইকোৰ্টৰ মজিয়াত থিয় দি উক্ত সেই বিভাগতেই উত্তীৰ্ন  একাংশ প্ৰাৰ্থীৰ বাবে শনি বা বৰবিষ হোৱাৰ বিপৰীতে বিগত সময়চোৱাত অনবৰতে চকুত ধৰা পৰি থকা কিছু ৰৈ যোৱা সৰু সৰু সুৰুঙাৰ বিষয়ে আগতিয়াকৈ উনুকিয়াই দিব বিচাৰিছো যাতে আগন্তুক চাকৰিৰ বাবে প্ৰাৰ্থী বাছনি পৰীক্ষা প্ৰক্ৰিয়াৰ এই ক্ৰুটি সমূহ আঁতৰ কৰি একো একোজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰিৱলৈ সম্ভৱ হয়।  ইয়াৰ ওপৰিও ৰাজ্যৰ বিভিন্ন বিভাগত আগন্তুক সময়ত যি মুঠ ১০০০০০ চাকৰিৰ ব্যৱস্থা কৰিব সেই পদ সমূহৰ কাৰণে প্ৰাৰ্থীৰ বয়সৰ সময় সীমাটো বঢ়াই দি সকলো চাকৰি প্ৰত্যাশিক এটা সুবিধা দিব লাগে। বিশেষকৈ অসম আৰক্ষী এছ আই পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ আবেদনৰ বয়সৰ সময় সীমা কিছু বঢ়াই দিয়া প্রয়োজনীয়তা নিশ্চিত ভাৱে আছে। কিয়নো অসম আৰক্ষী এছ আই পদৰ বাবে এজন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ আৱেদনৰ বয়সৰ অন্তিম সময় মাত্ৰ ২৪ বছৰ কিন্তু অসমৰ বাহিৰে প্ৰায়বোৰ ৰাজ্যত এই এছ আই পদৰ বাবে বয়সৰ সময় সীমা প্ৰায় ৩০ বছৰ। গতিকে আশা ৰাখিম অসম চৰকাৰেও এই ক্ষেত্ৰত নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। অন্যহাতে আগতে আৱেদন হৈ যোৱা কিছুমান পদ  এই ১০০০০০ চাকৰিৰেই অন্তৰ্ভুক্ত হব । যিহেতু দুই তিনি বছৰ আগতেই এই পদসমূহৰ আৱেদন হৈ গৈছিল সেয়েহে আবেদনৰ প্ৰ প্রত্ৰ সমূহ বা উক্ত পদৰ আবেদনৰ সময়ত লাভ কৰা আৱেদনৰ ক্ৰমিক নম্বৰ সমূহ হেৰাই যায় । সেই গতিকে আগন্তুক দিনত যেতিয়া উক্ত পদৰ লিখিত পৰীক্ষাৰ বাবে এডমিত (প্ৰৱেশ প্রত্ৰ) উলিয়াৰ ক্ষেত্ৰত অন্য বিকল্প ব্যৱস্থা কৰিব লাগে যাতে সকলো আবেদনকাৰীয়ে উক্ত লিখিত পৰীক্ষাত অৱতীৰ্ণ হব পাৰে। মুঠতে চৰকাৰে বাচনি পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ দোষ ক্ৰুটি নাৰাখি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই পদ সমূহ পূৰণৰ ব্যৱস্থা কৰিব লাগে। গতিকে আশা ৰাখিলো।
পিংকু ডেকা 
8724905528