এক-মন-এক-তন ধাৰণাৰে চৰকাৰ আৰু সেনাসকলৰ লগত থাকি দেশৰ মনোবল বৃদ্ধি কৰি শত্ৰু পক্ষক পৰাভুত কৰিব লাগিব – দিলীপ শইকীয়া 

এক-মন-এক-তন ধাৰণাৰে চৰকাৰ আৰু সেনাসকলৰ লগত থাকি দেশৰ মনোবল বৃদ্ধি কৰি শত্ৰু পক্ষক পৰাভুত কৰিব লাগিব – দিলীপ শইকীয়া 
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামত ২৬ গৰাকী নিৰীহ ভাৰতীয় পৰ্য্যটকক পাকিস্থানৰ সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে হত্যা কৰাৰ পাছৰে পৰা – সমগ্ৰ দেশতে এটা শোকাকুল পৰিৱেশ বিৰাজ কৰাৰ লগতে প্ৰত্যেকেই পাকিস্থানক যথোচিত প্ৰতুত্ত্যৰ দিবলৈ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ আহবান জনাইছিল৷ এই পৰিপ্ৰেক্ষিতত ৭ মে’ত পুৱতি নিশা “অপাৰেচন সেন্দুৰ’’ৰ জৰিয়তে পাকিস্থান আৰু সন্ত্ৰাসবাদীক  যথোচিত প্ৰত্যুত্তৰ দি আমাৰ সেনাই বিশ্ববাসীলৈ সন্ত্ৰাসবাদ বিৰোধী কঠোৰতম এক বাৰ্তা প্ৰেৰণ কৰিলে৷ কিন্তু এই পৰিৱেশৰ মাজতো দেশৰ লগতে আমাৰ অসমতো সন্ত্ৰাসবাদৰ সমৰ্থন কৰা শত্ৰুৰাষ্ট্ৰ পাকিস্থানক সমৰ্থন কৰি দেশ বিৰোধী মন্তব্য কৰা যথেষ্ট সংখ্যক ৰাষ্ট্ৰ বিৰোধী মনোভাৱৰ ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলগীয়াটো অতি চিন্তনীয় বিষয়৷ এতিয়ালৈকে ৰাজ্যত এজন বিধায়ককে ধৰি ৪৫ জন এনে দেশবিৰোধী মন্তব্য কৰা ব্যক্তিক আটক কৰি কৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ এই সময়ত প্ৰত্যেকজন ভাৰতীয় নাগৰৰিকেই জাতি-ধৰ্ম-পৰিহাৰ কৰি এক-মন-এক-তন ধাৰণাৰে চৰকাৰ আৰু সেনাসকলৰ লগত থাকি দেশৰ মনোবল বৃদ্ধি কৰি শত্ৰু পক্ষক পৰাভুত কৰি মা ভাৰতী সেৱাত আত্মনিয়োগ কৰিব লাগিব৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জল, স্থল, বায়ুসেনা আৰু ভাৰত চৰকাৰৰ নেতৃত্বত দেশ সুৰক্ষিত আছিল আৰু সুৰক্ষিত থাকিব৷ কোনো ধৰণৰ উৰা বাতৰি, সম্পাদিত ভিডিও আদি প্ৰচাৰ কৰি কাকোৱেই ভয়-ভিত প্ৰদৰ্শন নকৰিব৷উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, চি.ডি.এচ অনিল চৌহান আৰু দেশৰ তিনিও গৰাকী সেনা প্ৰধান তথা প্ৰতিগৰাকী জোৱানৰ নেতৃত্বত ভাৰতে গ্ৰহণ কৰা সন্ত্ৰাসবাদ বিৰোধী “অপাৰেচন সেন্দুৰ”ক বিশ্বৰ বহু দেশেই সমৰ্থন কৰাৰ লগতে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে৷