এক নতুন যাত্ৰাৰে – ডা০ যুতিকা ওজা

Pc Adobe Stock

এক নতুন যাত্ৰাৰে

ডা০ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা
কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

চাওতে চাওতে ইংৰাজী কেলেণ্ডাৰৰ পৰা আকৌ এটা বছৰ পাৰ হ’ল। আমিও জীৱন যাত্ৰাত আকৌ এখোজ আগুৱাই গ’লো। পাৰ হৈ যোৱা সময়লৈ উভতি চাই আমাৰ কোনবোৰ আশা পূৰণ হ’ল আৰু আমাৰ কৰ্তব্যক আমি কিমান সুচাৰুৰূপে পালন কৰিব পাৰিলো তাক ফঁহিয়াই চোৱা উচিত যাতে আমি আগন্তুক দিনবোৰত আমাৰ কৰিবলগীয়া আৰু আশা কৰি থকা কামবোৰ সুনিৰ্দিষ্ট পদ্ধতিৰে ভালদৰে কৰিব পাৰো। অতীতৰ বিভিন্ন অভিজ্ঞতা আৰু যোগাত্মক দিশসমূহ ফঁহিয়াই আমি বৰ্তমান আৰু ভৱিষ্যৎৰ পৰিকল্পনা কৰিব পাৰো।

আমাৰ জীৱনটো আপুৰুগীয়া। ভগৱান প্ৰদত্ত এই জীৱনটোৰ প্ৰতিটো ক্ষণেই মূল্যৱান। সময়ৰ সোঁতৰ লগে লগে আমিও আমাৰ জীৱনৰ কৰ্মক্ষেত্ৰখনত আগবাঢ়ি যাব লাগিব। সেয়েহে সময়ৰ সদ্ব্যৱহাৰ কৰি জীৱনটো সুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত আমি তৎপৰ হ’ব লাগিব।

জীৱনটো গতানুগতিক ভাৱে পাৰ কৰাৰ বিপৰীতে এক শক্তিশালী আৰু আশাসুৰ্ধীয়া চেষ্টাৰে কাম কৰি যোৱা উচিত। সময় গতিশীল। পাৰ হৈ যোৱা সময় আৰু উভতি নাহে। সময়ক আমি বান্ধি ৰাখিব নোৱাৰো। সেইবাবেই সময়ৰ কাম সময়ত কৰিব লাগে। গতিকে ভৱিষ্যতে কিবা এটা কৰাৰ মানস পুহি ৰখাতকৈ এতিয়াৰে পৰা আমি আমাৰ কৰ্তব্য আৰু কাৰ্য্যপন্থা ঠিক কৰি আগবাঢ়ি যোৱা উচিত। এলাহ এক ডাঙৰ শত্ৰু। গতিকে কোনো পৰিস্থিতিতে এলাহক প্ৰশ্ৰয় দিয়া উচিত নহয়। লগতে আমি যিবোৰ কাম কৰিব নোৱাৰিলো বা আমি ভবামতে নহ’ল সেই বিষয়েও বিশ্লেষণ কৰা যুগুত। কেনেধৰণৰ কাম কৰা নহ’ল বা কিয় কৰিব নোৱাৰিলো, ক’ত কেনেধৰণৰ অসুবিধা হ’ল,কেনেধৰণৰ বাধাৰ সন্মুখীন হ’লো বা কামৰ প্ৰস্তুতি সঠিক নহ’ল এই সকলোবোৰ চালিজাৰি ছোৱাটো খুবেই প্ৰয়োজন।

বৰ্তমান বিভিন্ন সংস্থা, প্ৰতিষ্ঠানসমূহে বিভিন্ন দেশৰ বাবে লোৱা কৰ্মপদ্ধতি সমূহ আগতীয়াকৈ প্ৰস্তুত কৰি লয়। দেশভেদে মানুহৰ প্ৰয়োজনসমূহ বেলেগ বেলেগ । সেয়েহে ভৌগলিক, পৰিৱেশ, সম্পদ ভেদে  বিভিন্ন আঁচনি যুগুত কৰা হয়। তদনুৰূপভাবে আমিও আমাৰ নিজৰ শক্তি( Strength) ,সামৰ্থ্য আৰু লগতে আমাৰ দূৰ্বলতা (weakness) সমূহ চিনাক্ত কৰি, নিজৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি অনাগত দিনসমূহৰ বাবে নিজৰ কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি যাব লাগিব যাতে মনঃপুত ফলাফলৰ সৈতে মনৰ শান্তি প্ৰাপ্তিৰ পথ প্ৰশস্ত হয়। সেয়ে আহক আমি সকলোৱে আগন্তুক নতুন বছৰত নতুন শক্তি নতুন উদ্যম আৰু বিগত বৰ্ষৰ অভিজ্ঞতাৰে সমৃদ্ধ হৈ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাও।