এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শীঘ্ৰেই সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কমিটীৰ প্ৰতিবেদনত অনুমোদন জনাইছে। জনায়। ‘এক দেশ, এক নিৰ্বাচন’ৰ উদ্দেশ্য হৈছে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচনক একক অনুসূচীৰ সৈতে একত্ৰ কৰা। সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।উল্লেখ্য যে, ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্ব এখন কমিটী গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই কমিটীয়ে ‘এক দেশ, এক নিৰ্বাচন, ব্যৱস্থাৰ পক্ষত এই প্ৰতিবেদন দাখিল কৰিছে। আজি ৰামনাথ কোবিন্দ নেতৃত্বাধীন এই কমিটীৰ প্ৰতিবেদনত অনুমোদন দিলে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে। ইয়াৰ পাছত এতিয়া এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ পৰৱৰ্তী সংসদৰ শীতকালীন অধিবেশনত এই সংক্ৰান্তিয় বিল উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাব কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক দেশ, এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰিছিল।এই ব্যৱস্থাৰ যুক্তিত নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৈছিল- ঘনে ঘনে নিৰ্বাচন অনুষ্ঠিত হ’লে দেশৰ উন্নয়নত বাধাৰ সৃষ্টি হয়। তেওঁৰ দাবী সমগ্ৰ দেশে ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থাক সমৰ্থন জনাব। এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সেই মঞ্চৰ পৰাই সকলো ৰাজনৈতিক দলকে এই ব্যৱস্থালৈ সমৰ্থন জনাবলৈ আহ্বান জনাইছিল। এই ব্যৱস্থা কাৰ্যকৰী হ’লে সমগ্ৰ দেশতে একসময়তে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।এই ব্যৱস্থা কাৰ্যকৰী হ’লে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি বিপুল পৰিমাণৰ ধন ব্যয় হয় সেই ধন আন উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব পৰা যাব বুলিও যুক্তি শাসকীয় দলৰ। কিন্তু শাসকীয় দলৰ এনে যুক্তিৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। বিৰোধীৰ অভিযোগ এনে ব্যৱস্থাৰে শাসকীয় দলে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে এক ব্যৱস্থা দেশত গঢ় দিবলৈ বিচাৰিছে। এয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সংসদীয় গণতন্ত্ৰৰ পৰিপন্থী। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চি পি এমসহ বিজেপি বিৰোধী দলসমূহে এনে যুক্তিৰেই এই ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ দাবী এনে ব্যৱস্থা কাৰ্যকৰী হ’লে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলত যি বৈচিত্ৰতা দেখা পোৱা যায় সেয়া সম্পূৰ্ণৰূপে বিলুপ্তি ঘটিব।