এক অনামিকা কবিতা
চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী
তোমাৰ কথা ভাবিলে, জানা,
শব্দবোৰ নিজে নিজে ফুল হৈ ফুটি উঠে—
নিশাৰ নীৰৱতাতো
এটা সুকোমল আলোকৰ দৰে।
মই নোহোৱাকৈওঁ থাকিব পাৰোঁ
যেতিয়া মনৰ গভীৰতাত
হালধীয়া তৰাংগৰ দৰে
তোমাৰ ছবি উঠি আহে।
বতাহত যেন
এটা নথকা গীত বাজি থকে,
যাক কেৱল মইহে শুনো
তোমাৰ স্মৃতিৰ সুৰত।
মই পথত চালোঁ—
মানুহৰ ভিৰে ভৰা ৰাস্তাটো
হঠাতে নিঃশব্দ হৈ যায়,
যেতিয়া মাথোঁ তোমাৰ নামটো
মনত উজলি উঠে।
তোমাৰ কথা ভাবিলে জানা,
সপোনবোৰেওঁ সুহুৰি মেলে,
দূৰ আকাশখনো ওচৰলৈ নামি
মোৰ হাতত ধৰি লয়
এটা নিৰৱ কোমলতাত ।
এনেকৈয়ে,
তোমাৰ কথা ভাবি ভাবি
মই নিজেই হৈ পৰোঁ
এক অনামিকা কবিতা।
