একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপ’ ৰেট ৫০ বিপিএছ বৃদ্ধি আৰ বি আইৰ

Pc The Indian Express

একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপ’ ৰেট ৫০ বিপিএছ বৃদ্ধি আৰ বি আইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ঘোষণা কৰিছে যে মুদ্ৰানীতি কমিটীয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৰেপো ৰেট ৫০ বিপিএছ বৃদ্ধি কৰি ৫.৯০% কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুনৰ পৰা এইটো একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট ৫০ বিপিএছ বৃদ্ধি কৰা হৈছে। আজিৰ এই বৃদ্ধিৰ সৈতে, আৰ.বি.আই.-য়ে মে’ৰ পৰা ৰেপো ৰেট ১৯০ বি.পি.এছ. বৃদ্ধি কৰিছে।