একুৰিয়াম – নৱযানী বৰুৱা শইকীয়া

গ্ৰন্থ পৰিচয়

একুৰিয়াম

লেখক : ভৃগু কুমাৰ হাজৰিকা
প্ৰকাশৰ মাধ্যম : ই বুক (ডিজিটেল )

ভৃগু কুমাৰ হাজৰিকা বৰ্তমান সময়ৰ এটা চিনাকি নাম। বিশেষকৈ নৱ প্ৰজন্মৰ মাজত সোমাই কাম কৰাৰ হেঁপাহ থকা এজন উদীয়মান যুৱক হিচাপে পৰিচয় লাভ কৰিছে। তেওঁৰ ” একুৰিয়াম ” নামৰ বিশটা কবিতাৰ এটি পি দি এফ চকু ফুৰাবলৈ বুলি প্ৰেৰণ কৰিছিল। সঁচা কথা কবলৈ গ’লে, পি দি এফৰ শিৰোনামা চাই কেতিয়া কবিতাসমূহ পঢ়িম, কেতিয়া পঢ়িম ভাৱি মনটো উদগ্ৰীৱ হৈ উঠিছিল। প্ৰথম খোজত কবিতাৰ সংকলনখন চকুৰ আগত ৰাখি পাঠকৰ বাবে আকর্ষণ সৃষ্টি কৰিবলৈ লেখক সমৰ্থ হল বুলি ন দি কব পাৰি। সু দক্ষ লেখকৰ এয়া এক কৌশল , যিটো প্ৰথমেই চকুত পৰিল।”একুৰিয়াম” ত যিদৰে ৰঙ বিৰঙৰ নানা ধৰণৰ নানা আকাৰৰ সৰু বৰ মাছৰ সমাবেশ ঘটে, আৰু নান্দনিক পৰিবেশৰ সৃষ্টি কৰি দৰ্শকক আমোদ দিয়ে ঠিক তেনেদৰে ভৃগু কুমাৰৰ “একুৰিয়াম ” তো ভিন্নস্বাদৰ ,ভিন্ন বিষয়ৰ বিশটি কবিতাৰ সমাবেশ ঘটিছে । একুৰিয়ামৰ মাছৰ দৰেই আকাৰ ভিন্ন, ৰঙ ভিন্ন , বিষয় ভিন্ন । মুঠতে সম্পূৰ্ণ এটা মনোৰঞ্জনৰ পেকেজ বুলিব পাৰি, যিয়ে বৌদ্ধিক জগতখনলৈ চিন্তাৰ উন্মেষ জগাব পৰা সক্ষমতা আছে। সাহিত্যজগতৰ নৱ সংযোজন একুৰীয়াম পাঠকৰ মাজত সমাদৰ লাভ কৰক এয়ে কামনা।কবিতা সমূহ প্ৰায় খিনিয়ে বিভিন্ন কাকত আলোচনীৰ পাতত পূৰ্বে প্ৰকাশিত। লেখকে প্ৰকাশিত সময়ৰ উল্লেখ কৰি প্ৰকাশ পোৱা কাকত আলোচনীৰ নাম সহ বিতংকৈ তথ্য উপলদ্ধ কৰিছে। এই ধৰণটো ভাল লাগিল । এটা সুকীয়া আমেজ পালোঁ । কবিলৈ অভিনন্দন। কবিতা সমূহৰ ভিতৰত “চিনেমা” ,” তুমি কত ” ” নাটক” আদিত ভুৰুকাত হাতী ভৰোৱাত কবি সফল হৈছে। মাথোঁ কেইটামান শাৰীত জীৱনৰ একোটা বিশাল সত্য জিলিকি উঠিছে। ভৃগু কুমাৰৰ প্ৰায় সমূহ কবিতা প্ৰতীক ধৰ্মী। চিত্ৰ কল্পৰ সমাহাৰ অতি উন্নত মানৰ। ” নতুন যাত্ৰা ” নামৰ কবিতাত কবিৰ দেশৰ প্ৰতি দায়বদ্ধতাৰ উমান পোৱা যায়। “পাৰ” এটি ক্ষুদ্ৰতম কবিতা যদিও পাঠক হিচাবে কৰবাত সাঁচ বহুৱাই গ’ল।আমি বিচাৰোঁ, ভৃগু কুমাৰৰ কবিতা চৰ্চা নিৰন্তৰে চলি থাকক। ধৰাল কলমত জুই বৰ্ষন হওক, সেই জুইত জাতি মাটি ভেটিৰ আহ্বান হওক। সাহিত্যৰ জয় হওক, আৰু সেই জয়ত ভৃগু কুমাৰ এক ৰক্তবীজ হৈ নিজৰ প্ৰতিভাৰে সমাদৃত হওক। প্ৰকাশ হ’বলগীয়া কবিতা সংকলন খনিলৈ আশাৰে বাট চাই ৰ’লোঁ।

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ