একুঁকি ভালপোৱা ৰ’দৰ জিলিকনি – যমুনা দুলু বৈশ্য

একুঁকি ভালপোৱা ৰ’দৰ জিলিকনি

যমুনা দুলু বৈশ্য
শুৱালকুছি

আহাৰ মহীয়া বোকাপানীৰে জীপাল কৰা
পথাৰত একুঁকি ভালপোৱাৰ
ৰ’দৰ জিলিকি উঠা বৃষ্টিত,
শব্দবোৰে মুঠি মুঠি কৈ সাঁচি ৰখা
প্ৰণয়ৰে বাহঁৰ পাতে ।
আবেলিৰ ৰামধেনুৰে নিজকে সঁজায়
আলফুলকৈ আকাশৰ বুকুত জোনাকৰ
পোহৰ কণ পাবলৈ মোৰ হৃদয়েও
কেতিয়াবা ব্যাকুল কৰে অজানিতে,
ভূঁই ৰোৱা পথাৰত বহিবলৈ
সেউজীয়া সপোনৰ বাটে ,
মনৰ মাজত দুচকুত
জিলমিলকৈ ৰংবোৰৰ স’তে আবেগ সানে,
সময়ৰ সাঁকোৰ অনুভৱৰ তেজাল দৃষ্টি হৈ
বাঢ়ি অহা নদীৰ ফেনে ফুটুকাৰে
অনুভূতিৰ ঢৌ তোলে,মনৰ মাজত দোলনি দিয়ে
প্ৰতিদিনেই অঙ্কুৰিত হোৱা পথাৰ খনে
প্ৰৱাহমান সৃষ্টিৰে যৌৱনা প্ৰাপ্ত হোৱাৰ
ক্ষণবোৰ চাই পোৱাৰ মানসেৰে
সোণালী হৈ ৰহণ চ’ৰাই ,
অপেক্ষাৰে চ’হা খেতিয়কৰ মন হয়
উদুলি-মুদুলিৰে ভৰপূৰ ।