*একা-বেঁকা চিন্তা*
উৎপল কলিতা
অতীজৰে পৰা গুৰু-শিষ্যৰ মহামিলনৰ ফলত সমাজ সংস্কাৰৰ ন ন ধাৰাবোৰে সমাজক আগুৱাই লৈ গৈ আজিৰ সময় পাইছেগৈ | “Teachers should be the best minds in the country”. এই ধাৰণাৰ বাহক ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ যাৰ জন্মদিনক কিছু ছাত্ৰই উদযাপন কৰিবলৈ অনুমতি বিচাৰি যাওঁতে তেখেতে কৈছিল যে তেখেতৰ জন্মদিন ৫ ছেপ্তেম্বৰটো সকলো শিক্ষকক শ্ৰদ্ধা জনোৱাৰ বাবে শিক্ষক দিৱস হিচাপে পালন কৰা হওঁক। যাৰ বাবে ১৯৬২ চনৰ পৰা ৫ ছেপ্তেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আহিছে |
সময়ৰ পৰিবৰ্তনৰ লগে লগে চেকণীৰ আগত বিদ্যাৰ ধাৰণা সলনি হৈ বন্ধুত্ব আৰু সহযোগিতাৰে বিদ্যাৰ ধাৰণা প্ৰতিষ্ঠিত হৈছে | পূৰ্বৰ দৰে গুৰুৰ প্ৰতি শিষ্য বা শিক্ষকৰ প্ৰতি ছাত্ৰৰ শ্ৰদ্ধাৰ ক্ৰুটি হোৱা নাই যদিও কিছু ক্ষেত্ৰত দেখা যায় সামাজিক অসহণশীলতাৰ প্ৰভাৱ শিক্ষাৰ ক্ষেত্ৰখনতো সোমাই পৰিছে | বিশেষকৈ ছাত্ৰৰ আচৰণতকৈও শিক্ষকৰ আচৰণত যেতিয়া দুঃব্যৱহাৰ আৰু লাঞ্চনাৰ খবৰবোৰ পঢ়োঁ তেতিয়া মনবোৰ দুখেৰে ভৰে | এনে হোৱাৰ মূল কাৰণবোৰ ফঁহিয়াই চালে এটা বিশেষ কাৰণে মুৰ দাঙি উঠে | সেয়া হ’ল শিক্ষকতাক এজন শিক্ষকে কি হিচাপে গ্ৰহণ কৰিছে ??? কোনো শিক্ষকে যদি মাত্ৰ কেইটামান টকা বা জীৱিকাৰ বাবে এই বৃত্তি গ্ৰহণ কৰে তেন্তে সেই শিক্ষকজনে মূল্যবোধৰ শিক্ষা দিয়াত ব্যৰ্থ হোৱাতো স্বাভাৱিক পৰিঘটনা হিচাপে পৰিলক্ষিত হোৱাটো স্বাভাৱিক। শিক্ষক হ’বলৈ হ’লে লাগিব অপৰীসীম ধৈৰ্য, এটা কথাকে বাৰে বাৰে আমনি নলগাকৈ কি ধৰণে বুজালে ছাত্ৰৰ মনৰ দুৱাৰেৰে সোমাব তাক আয়ত্ব কৰাৰ কৌশলৰ সাধনা, জীৱনবোধ, মূল্যবোধৰ শিক্ষাৰে সমৃদ্ধ এটা মগজু আৰু লগতে লাগিব বৈজ্ঞানিক দৃষ্টিভংগীৰে সমাজক গুৰি ধৰাৰ সৎ শিক্ষাৰ গুণ |
এতিয়া কথা হ’ল আমাৰ শিক্ষক নিৰ্বাচনত এনে গুণগত দিশবোৰ ধৰা হৈছেনে ? ইও এটা সাম্প্ৰতিক সময়ৰ ডাঙৰ প্ৰশ্ন | আন এটা ইয়াৰ স্ববিৰোধী প্ৰশ্ন লগে লগে মনলৈ আহে —- আমাৰ শিক্ষকসকলক দিয়া হৈছে নে বাৰু প্ৰকৃত মৰ্য্যাদা আৰু কৰ্মৰ মূল্য ??? ইয়ো এক বৃহৎ আলোচনাৰ বিষয় | যিখন দেশত মানৱ সম্পদ গঢ়া শিক্ষক সকলক মাহৰ মূৰত নূন্যতম শ্ৰমৰ মূল্যটো দিবলৈ টান হৈ পৰে, তেনে দেশত ভোকৰ তাৰণা আৰু পৰিয়ালৰ দায়িত্ব লৈ চলি থকা এজন শিক্ষকে কিমান সুস্থিৰবভাৱে আগবাঢ়িব এখন মূল্যবোধহীন দেশত মূল্যবোধৰ শিক্ষা দিবলৈ ! এনে বহু কথাই আমাৰ মনোজগতত স্ববিৰোধী বহু চিন্তাৰ উদ্ৰেক কৰে | শেষত এনে সিদ্ধান্ত মনলৈ আহে ‘কাকনো বুলিবি ককা, সকলোৰে দাঢ়ি চুলি পকা |’ যেতিয়া খবৰ কাকতত পঢ়ো দৰমহাৰ অভাৱত কোনো শিক্ষকৰ আত্মহননৰ দৰে কথা, তেতিয়া মনলৈ ধিক্কাৰ আহে | কাক দোষী সজাম ???? কাক গালি দিম এনে লাগে | দেশৰ বা ৰাজ্যৰ আটাইতকৈ প্ৰাথমিক কাম যিটো তাতেই ইমান অনিয়ম !!! ইমান গাফিলতি !! কিয় শিক্ষক সকলৰ সমস্যাক প্ৰাথমিকতা দিয়া নহয় ? আনকি শিক্ষকতা জীৱন শেষ কৰি পেন্সনৰ বাবে মাৰাথান দৌৰি দৌৰি আঘাতপ্ৰাপ্ত শিক্ষকৰ মানসিকতাকো কোনেও গুৰুত্ব দিয়াতো পৰিলক্ষিত নহয় |
আলোচনা বা সমালোচনাৰে শিক্ষাৰ বৃত্তিটোক এটা সুস্থ আৰু বলিষ্ঠ ৰূপ দিবলৈ সকলো মানুহ একগোট হ’বলৈ সময় হ’ল | সকলোৰে সহযোগে এই বৃত্তিৰ প্ৰতি আগ্ৰহ আনিব শিক্ষকৰ আৰু তেওঁলোকেও নিজৰ কৰ্মনিষ্ঠাৰে দেশক পোহৰাব | কাৰণ একোটা সুস্থ মনেহে এখন সমাজৰ ন ন প্ৰজন্মক সুশিক্ষা দিব পাৰিব। প্ৰথমে শিক্ষক সকলক মূল্য দিয়ক আৰু তাৰ পিছত দেখিব আমি বিচৰা ধৰণে তেওঁলোকৰ পৰা মূল্যবোধৰ শিক্ষা পাম আমাৰ সন্তানসকলৰ বাবে | কাৰণ শিক্ষকতাক পবিত্ৰতাৰে আৰু আন্তৰিকতাৰে পালন কৰাৰ উদাহৰণো এইখন সমাজত কম নহয় | বহু শিক্ষকে শিক্ষাৰ লগতে আৰ্থিকভাৱে সহায় কৰিও সুদক্ষ ছাত্ৰ-ছাত্ৰীক আগবঢ়াই দিছে জীৱনৰ পোহৰ বাটত | শিক্ষক সকলেই হ’ল প্ৰকৃত ৰাষ্ট্ৰ গঢ়োঁতা |
বিজ্ঞজনে কৈ গৈছে—— “Teachers are the most responsible member of society,because their proffesional efforts affected the fate of the earth”। এই কথাখিনিৰ সত্যোপলব্ধিৰে দেশৰ শিক্ষা ব্যৱস্থা আৰু সমাজ ব্যৱস্থা দায়বদ্ধ হওঁক। তাৰেই কামনা কৰিলো।
মঙলদৈ, দৰং
৬০০০০৫১৫৩২