একাপ গৰম চাহ, এটা মধুৰ আবেলি আৰু প্ৰিয়জন –বিন্দু ৰাজবংশী কলিতা

pc-herzindegi
একাপ গৰম চাহ, এটা মধুৰ আবেলি আৰু প্ৰিয়জন
        চীন দেশত জন্ম লাভ কৰিছিল যদিও চাহ পিছলৈ ভাৰতীয় সকলৰ বাবে অতিকে প্ৰিয় আৰু প্ৰয়োজনীয় পনীয় খাদ্য দ্ৰব্য হৈ পৰিল।মন আৰু শৰীৰক অৱসাদ আৰু অস্থিৰতাৰ পৰা মুক্ত কৰিবলৈ একাপ চাহ হৈ পৰে ঔষধৰ লেখীয়া ।ভাৰতবৰ্ষ   চাহপাত  উৎপাদন আৰু জনপ্ৰিয়তা ৰ বাবে পৃথিৱীৰ ভিতৰতে শীৰ্ষস্থানত আছে।অৰ্থনৈতিক দিশৰ কথা কবলৈ নাযাওঁ যদিও সমাজ জীৱনত চাহৰ গুৰুত্বই সাংঘাতিক ভাবে প্ৰাধান্য পাই আহিছে।কবলৈ গলে অসমৰ লগতে ভাৰতৰ সমগ্র মানুহে  গৰম চাহ একাপেৰে দিনটো আৰম্ভণি কৰে।বিভিন্ন সময়ত বিভিন্ন পৰিবেশ আৰু পৰিস্থিতিত গৰম চাহকাপে দিয়ে আমাক সুখানুভূতি।এই চাহকাপতে সোমাই থাকে অজস্ৰ মৰম ,ভালপোৱা আৰু অনুৰাগ।
       সমাজৰ মানুহৰ শ্ৰেণী বিভাজনৰ লগতে আকৌ চাহৰ কোৱালিটিৰো কথা থাকে।ধনী মানুহৰ দামী চাহ  আৰু দুখীয়া শ্ৰেনীৰ চাহকাপৰ তুলনা নগন্য।তথাপিও সোৱাদ অৱশ্যে একেই থাকে।পৰিশ্ৰমী লোকসকলৰ বাবে চাহকাপ হৈছে শৰীৰৰ শক্তি।অধিক পৰিশ্ৰম কৰা লোকসকলে অৱসাদ দূৰ কৰি পূণৰ কামত লাগিবলৈ মাজে মাজে চাহকাপৰ খুবেই প্ৰয়োজন। পথাৰত কৃষি কাৰ্যত ব্যস্ত থকা খেতিয়ক জনে দুপৰীয়া প্ৰচণ্ড ৰ’দত শুকাই পৰা ডিঙিতো তিয়াবলৈ একাপ চাহৰ অপেক্ষাত থাকে।নিজৰ মানুহজনীয়ে যতনাই অনা চাহৰ কেটলিটো  দূৰৈৰ পৰাই দেখিলেই যেন গা তো শাত পৰি যায়। পথাৰলৈ যতনাই অনা প্ৰিয়তমা পত্নীৰ হাতৰ ৰঙা চাহকাপতে  বিছাৰি পায় এধানি সৰগী সুখ।দুখ ভাগৰবোৰ কেনিবা লুকাই পৰে।
    ভাৰতীয় সমাজব্যৱস্থাত থকা   ৰিতি-নিতী অনুসৰি আলহী অপ্যায়নত মূখ্য ভুমিকা পালন কৰে এই চাহকাপে।কোনোবাই গ্ৰহণ কৰক বা নকৰক গৃহস্থই চাহকাপ খুৱাবলৈ যত্ন বা হেপাঁহ কৰাটো পৰম্পৰা ।চাহৰ এই পৰম্পৰাগত নীতিৰ বাবেই কেতিয়াবা কোনো গৃহস্থ কাৰোবাৰ দৃষ্টিত হৈ পৰে বদনামী।”তেওঁলোকৰ ঘৰলৈ গলো ।একাপ চাহো নাযাচিলে”।এনে ধৰণৰ মন্তব্যই এটা পৰিয়ালৰ আচাৰ ,ব্যৱহাৰ বা অতিথি আপ্যায়নত কৃপনালিৰ অভিযোগ আনে।
   ভিন্ন পৰিবেশত  ভিন্ন সোৱাদে চাহৰ মৰ্যাদা আৰু মৰমে হৃদয়ত ঠাই লয়।প্ৰিয়তমা পত্নীৰ যাদুকৰী হাতৰ গৰম চাহকাপে স্বামীক এক বুজাব নোৱৰা তৃপ্তি দিয়ে। ঠিক সেইদৰে ন কইনাৰ হাতৰ প্ৰথম চাহকাপত থাকে পৰিয়ালৰ বাবে এক অনন্য মাদকতা। একোটা আদ্দা জমিবলৈ চাহকাপ হৈ পৰে কেতিয়াবা মূখ্য চৰিত্ৰ।চাহৰ চুমুকত আদ্দাৰ বিষয় হৈ পৰে অধিক মনোগ্ৰাহী।চাহৰ জুতিৰে শীতৰ আবেলিতো হৈ উঠে কাৰোবাৰ বাবে এটা স্মৰণীয় ক্ষণ।
   কামৰ বোজাত হোৱা শাৰিৰীক অস্থিৰতা অথবা মানসিক চাপত উদ্ভৱ হোৱা অস্থিৰতাত চাহকাপৰ খুবেই প্ৰয়োজন হয়।চাহকাপে কিছু সময়ৰ বাবে হলেও শৰীৰ আৰু মনটোক অৱসাদ মুক্ত, চিন্তা মুক্ত কৰি তোলে।আমাৰ সমাজত এনেকুৱা  লোকো আছে যিসকলে দীৰ্ঘ সময় চাহ একাপ খাব নাপালে মুৰৰ বিষ পৰ্যন্ত অনুভৱ কৰে।
      মুঠতে চাহত সোমাই থকা  অদম্য শক্তি, মৰম ভালপোৱা উপকাৰীতাৰ কথা কৈ শেষ কৰিব নোৱাৰি। কাৰোবাৰ হৃদয়ত  হয়তো দূৰৈত থকা কোনোবা আপোনজনক লগ পোৱাৰ দুৰ্বাৰ আশাৰ লগতে এই গৰম চাহকাপ সাঙোৰ খাই আছে। সম্পৰ্ক এটা মধুৰ আৰু মজবুত কৰিবৰ বাবে প্ৰিয় আপোনজনৰ লগত বহি একাপ চাহ খোৱাৰ অদম্য হেঁঁপাহে বুকুৰ ভিতৰত দোলনি দি থাকে। শীতৰ কোনোবা এটি  মধুৰ আবেলি ,লগত প্ৰিয়জন ,কাষতে বাজি থাকিব তৰালীৰ  কন্ঠত সেই সুমধুৰ গীতটো!
“অনুৰাগ তোমাৰ বাবে….অনুভূতি তোমাৰ বাবে…তোমাৰ দুবাহুতে.. সুখ মোৰ জীৱনৰে…..
          বিন্দু ৰাজবংশী কলিতা
           6002876480