একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রশ্নকাকত ফাদিলৰ বাবে এইবছৰ একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষাসমূহ নতুনকৈ অনুষ্ঠিত নকৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ- শিক্ষা বিভাগক বিবেচনা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ২, ৩, ৪ এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব। ব’হাগ বিহুৰ পাছতে পঞ্চায়ত নির্বাচন আৰু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হোৱা বিষয়সমূহৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। শেহতীয়াকৈ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুধনৈত এগৰাকী ছাত্রীয়ে তেওঁক সাক্ষাৎ কৰি কয় যে একাদশ শ্ৰেণীৰ বাকী পৰীক্ষাসমূহ এপ্রিল মাহৰ শেষত বা মে’ মাহত অনুষ্ঠিত হ’লে ছাত্র-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈ মাত্র আঠ মাহহে পাব। এনে অৱস্থাত তেওঁলোকে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্রস্তুতি চলাব নে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে অধ্যয়ন কৰিব? ছাত্ৰীগৰাকীয়ে পাৰিলে একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নকৰি তেওঁলোকক দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱাৰ ব্যৱস্থা কৰাৰ বিষয়ে মত পোষণ কৰে। ছাত্ৰীগৰাকীৰ সৈতে হোৱা সেই মত বিনিময়ৰ পাছতে মুখ্যমন্ত্ৰী ড° শর্মাই একাদশ শ্ৰেণীৰ বাকী ৰোৱা বিষয়ৰ পৰীক্ষা নাপাতিলেও হয় বুলি তেওঁ ভবাৰ উল্লেখ কৰি কয় যে মে’ মাহত একাদশ শ্ৰেণীৰ পৰীক্ষা হ’লে দ্বাদশ শ্ৰেণীৰ বাবে তেওঁলোকে কেতিয়া অধ্যয়ন কৰিব? ছাত্ৰ-ছাত্ৰীসকলৰ মাজত টেনচনো বাঢ়িব। কিয়নো, একাদশ শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণৰ ব্যৱস্থাও নাই। একাদশ শ্ৰেণীৰ পৰা সকলোৱে দ্বাদশ শ্রেণীলৈ উত্তীর্ণ হয়। তদুপৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো আটাইতকৈ মূল্যৱান পৰীক্ষা। সেয়ে মুখ্যমন্ত্রী ড° শর্মাই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু শিক্ষা বিভাগক বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনায়।