একত্ৰিশ ডিচেম্বৰ আৰু এটি বিহ্বল শ্বাস
জ্যোতিস্মিতা বৰা
বেলি পৰো পৰো হৈছে
উৰি গৈছে এজাক ঘৰমুৱা পক্ষী
নীৰৱে নিস্তব্ধে,
সময়ৰ থমকি নোৱাৰা কাঁটাডালে
হিৰণ্য বেলাত আঁকি গৈছে স্মৃতি
কৰুণ শব্দৰে।
শেষ হ’ব ধৰিছে যেন এটি বাকৰুদ্ধ জীৱন
উমি উমি জ্বলা শলিতাত মলঙিছে লগন।
পদপথৰ ধূলিবালি একাকাৰ কৰি
তাইও জ্বলাই লৈছে এডাল ধূপকাঠি।
আজি পাষণ্ড মানৱৰ আহ্বানত জন্ম
তাইৰ দেৱশিশুটিৰ এবছৰীয়া জন্মলগন,
তাই পাগল মগজুয়ে কোনোবা ক্ষণত আজি
হাহাকাৰ কৰিছে,
নতুন বছৰ তাইৰ বাবেও আহে
হৃদয় খন বিষবোৰে ধুৱাই নিয়ে।
ক’তনো বিচাৰি পাব আপোন ঘৰ(!)
তাইতো ভালে থকাৰ কথাই আছিল
কোনে জানিছিল, বিষন্ন সময়ে কঢ়িয়াব
দুৰ্ঘোৰ অমানিশা,
যৌতুক! সেই এটা শব্দৰ অভাৱৰ বাবেই
আজি তাই পাইছে অৱহেলা।
লাহে লাহে শিশুটি ডাঙৰ হৈ আহিব
আৰু যদি কৰে তাইক অবান্তৰ প্ৰশ্ন!
পিতৃৰ পৰিচয় বিচাৰি যদি খাই হাবাথুৰি
কেনেকৈ জনাব তাই সেই শিশুটিক
সভ্য সমাজৰ চাক্ষুসতাৰ বলিত
তাই যে লভিলে জন্ম ধূসৰ পৃথিৱীত!
মৃদু মৃদুকৈ ভাঁহি আহিছে
ৰঙীন সংগীত,
তাই খোজ লৈছে
এটি পঁজাঘৰ বিচাৰি
শিশুটিক নিজ পৰিচয় দিয়াৰ প্ৰতিশ্ৰুতিত।
সময় নৰ’বি নৰ’বি
আঁতৰি যা অভিশপ্ত সন্ধ্যা
কঢ়িয়াই আন মিষ্ট হুমুনিয়াহ…