বাৰ্ত্তাসেৱা – বিশ্বৰ একক ব্যৱহাৰ্য প্লাষ্টিক আৱৰ্জনাৰ ৯০ শতাংশ মাত্র ১০০ টা কোম্পানীৰ পৰা ওলায়৷ আনফালে অর্ধাংশৰো অধিক আৱৰ্জনা মাত্র ২০টা কোম্পানীয়ে সৃষ্টি কৰে। এই আটাইবোৰ কোম্পানী পেট্ৰ’ কেমিকেল খণ্ডৰ সৈতে জড়িত। তাৰ ভিতৰত এক্সন মোবাইল, আমেৰিকাৰ ডাউ কেমিকেলছ আৰু চীনৰ পেট্ৰ’ কোম্পানী ছিনোপেকো আছে। লণ্ডন স্কুলত ইকন’মিকছ, ষ্টকহম এনভাৰমেণ্ট ইনষ্টিটিউট আৰু মিণ্ডেৰু ফাউণ্ডেচনে এই কথা প্ৰকাশ কৰিছে। একক ব্যৱহার্য প্লাষ্টিকৰ ব্যৱহাৰ কৰা বিশ্বৰ কোম্পানীসমূহক কেঁচামাল যোগান ধৰা এহেজাৰৰো অধিক কোম্পানীৰ বিষয়ে অধ্যয়ন চলাই এই তথ্য পোৱা গৈছে। প্লাষ্টিক বটল, পেকেজিং, বেগ আদি তৈয়াৰ কৰাৰ বাবে এনেবোৰ একক ব্যৱহার্য প্লাষ্টিক ব্যৱহাৰ হয়। মন কৰিবলগীয়া যে একক ব্যৱহাৰ্য প্লাষ্টিক এবাৰ ব্যৱহাৰ কৰাৰ পাছতে পেলাই দিয়া হয় আৰু ই সমুদ্রলৈ গুচি যায়।
একক ব্যৱহাৰ্য প্লাষ্টিকৰ ফলত পৰিৱেশ ওপৰত হোৱা প্ৰতিকূল প্ৰভাৱ
