এই ৰায়দান অত্যন্ত দুৰ্ভাগ্যজনক, আমি উচ্চ ন্যায়ালয়ত আবেদন কৰিমঃ মুখ্যমন্ত্ৰী

এই ৰায়দান অত্যন্ত দুৰ্ভাগ্যজনক, আমি উচ্চ ন্যায়ালয়ত আবেদন কৰিমঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত নিযুক্তি কেলেংকাৰিত অভিযুক্ত ৫২ বৰ্খাস্ত ৰাজহপত্ৰিত বিষয়াক পুনৰ চাকৰিত মকৰল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক দুর্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে হোৱা এক বার্তালাপত কয়, এপিএছচিক লৈ খণ্ড বিচাৰপীঠে যি ৰায় দিছে, সেয়া অত্যন্ত বেদনাদায়ক। ই একপ্ৰকাৰ সকলোৰে মনলৈ হতাশা আনিছে। যিটো সময়ত ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তি দিছে আৰু সমগ্ৰ অসমত এটা মেধাৰ পৰিৱেশৰ সৃষ্টি হৈছে, সেই সময়ত ৰায়টো যদি সঁচা হয়, তেন্তে ই দুর্ভাগ্যজনক। ই আমাৰ মনত বেদনা-কষ্ট দিয়ে। অৱশ্যে মুখ্যমন্ত্রী ড° শৰ্মাই ৰায়টো সম্পূর্ণকে নিজে পঢ়া নাই বুলি মন্তব্য কৰে। সংবাদ-পত্ৰত প্ৰকাশ পোৱা বাতৰিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম। লগতে আমি শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম যাতে এপিএছচিৰ দুষ্কাৰ্যৰ লগত জড়িত কোনেও চাকৰি ঘূৰাই পাব নোৱাৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে জাৰি কৰা বৰ্খাস্তৰ নিৰ্দেশক প্রত্যাহ্বান জনাই ৪৯খন লেখ আবেদনৰ জৰিয়তে ৫২ ৰাজপত্ৰিত বিষয়াই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। দীর্ঘদিনীয়া শুনানিৰ অন্তত এখন খণ্ড বিচাৰপীঠে ১৫০ দিনৰ ভিতৰত এই ৰাজপত্ৰিত বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰিবলৈ শেহতীয়াকৈ নির্দেশ দিছে। অৱশ্যে চাকৰিত নথকা কালত দৰমহাকে ধৰি অন্যা সা-সুবিধা তেওঁলোকে লাভ নকৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে একেটা ৰায়ত। সেইদৰে অসম আৰক্ষীৰ প্ৰবেচন কাল সম্পূর্ণ নকৰা বিষয়াসকলে চাকৰিত পুনৰ মকৰলৰ সুবিধা নোপোৱাৰ কথাও খণ্ড বিচাৰপীঠখনে উল্লেখ কৰিছে। ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই কৰা উক্ত মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে ।