এই সময়, ব্যক্তি, পৰিবেশ, সামাজিক স্থিতি, ভয়াবহতা ইত্যাদি- ৰাজীৱ তালুকদাৰ

Pc Adobe stock

এই সময়, ব্যক্তি, পৰিবেশ, সামাজিক স্থিতি, ভয়াবহতা ইত্যাদি

সাম্প্ৰতিক সময়ৰ ঘটি থকা কিছু ঘটনা প্ৰৱাহে মন বৰ চিন্তিত কৰি তুলিছে।ব্যক্তিৰ চিন্তা আৰু সামাজিক স্থিতিৰ অতি লক্ষণীয় ভাবে ঘটিব ধৰা অৱক্ষয়ে গোটেই সমাজ ব্যৱস্থাটোক কলুষিত কৰিছে। বিষয় সমূহ অতি স্পৰ্শকাতৰ আৰু এই বিষয় সমূহে বিজ্ঞ সমাজক যদিহে সচকিত কৰিছে,তেনেহলে সমাজখনক ন্যায়সন্মত ভাবে ধৰি ৰখাৰ বৃহৎ স্বাৰ্থত তেওঁলোকৰ কৰণীয় খিনি কৰি যাবলৈ সকিয়াই দিবলৈ যোৱাটো যদিহে অপৰাধ, সেই অপৰাধ বাৰে বাৰে কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ।

সঘনাই বৃদ্ধি পাবলৈ ধৰা হত্যা, হিংসা, প্ৰৱঞ্চনা,ইত্যাদিয়ে গোটেই সমাজ ব্যৱস্থাটোক এক প্ৰকাৰ পংগু কৰি পেলাইছে।ব্যক্তিৰ চিন্তা ইমানেই নিম্ন খাপৰ হৈছে যে, সমাজৰ প্ৰতি থাকিবলগীয়া নূন্যতম লাজ,ভয়, শংকা ইত্যাদি নোহোৱা হৈ গৈছে। ৰাস্তাই-ঘাটে, অলিয়ে-গলিয়ে, যতে-ততেই প্ৰেম-ভালপোৱা কথাবোৰ সুলভ হৈ পৰিছে। ঠগ,প্ৰৱঞ্চনা ইত্যাদি অতি তৰল কথাবোৰ মানুহৰ মাজত সস্তীয়া জনপ্ৰিয়তাৰ যেন অন্যতম আহিলা হৈ পৰিছে।এনেকুৱা নহয় যে,এনেধৰণৰ ঘটনা সমূহ তেনেই নতুন অথবা আগতে শুনিবলৈ নোপোৱা ঘটনা। আমাৰ দেশৰ কিছু অঞ্চলত কিছু অভাৱনীয় ঘটনাই দেশ জোঁকাৰি যোৱাটো তাহানিৰ সেই আশীৰ দশকৰ আগৰ পৰাই শুনিবলৈ পাইছিলোঁ। ইয়াৰ ভিতৰত ১৯৭০ চনত অবিভক্ত গোৱালপাৰা জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাৰ দ্বাৰা সংঘটিত তেওঁৰেই পত্নী আৰু ছোৱালীৰ হত্যাকাণ্ডৰ ঘটনা, ৰংগা-বিল্লাৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হোৱা ভাৰতৰ নৌ-সেনা বিভাগৰ কেপ্টেইন মদন মোহন চোপ্ৰাৰ পুত্ৰ সঞ্জয় চোপ্ৰা আৰু তনয়া গীতা চোপ্ৰাৰ হত্যাৰ কাহিনীয়ে সমগ্র দেশতেই বহুল ভাৱে চৰ্চিত হৈছিল আৰু সেই সময়ৰ শিহৰণ কাৰী হত্যাকাণ্ড বুলি সমগ্র দেশতেই বিবেচিত হৈছিল।

তাৎপৰ্যপূৰ্ণ কথা এইয়াই যে, সাধাৰণতে অতিথি পৰায়ণ আৰু সাংস্কৃতিক ভাৱাপন্ন অসমীয়া সমাজ জীৱনত এনেধৰণৰ ঘটনাৰ কথা ভাৱিবলৈকে আচৰিত যেন লাগে।অথচ এতিয়া যেন তেনে ঘটনা ঘনাই ঘটিবলৈ ধৰিছে। ইয়াৰ কাৰণ কি অথবা এনেধৰণৰ সামাজিক বিশৃংখলতাৰ আঁৰত থাকিব পৰা কাৰক সমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ দিবৰ জোখাৰে মোৰ জ্ঞান সীমিত আৰু সেইবাবেই সেই কথা অসমৰ বিজ্ঞ সমাজখনলৈ আন্তৰিকতাৰে এৰিলো।কিন্তু,মোৰ দৃষ্টিত প্ৰাসংগিক কিছু কথাৰ আজি যেন অৱতাৰণা কৰিবলৈ মন গৈছে আৰু তাৰ ভিতৰত কিছু কথা এনেধৰণৰ আৰু সেইয়া সঁচা-মিছাৰ বিচাৰ আপোনালোকৰ মাজলৈ এৰিলো।

অসমীয়া সমাজ জীৱনত সততে দেখিবলৈ পোৱা অতি গুৰুত্বপূৰ্ণ আৰু মানৱীয় প্ৰমুল্যবোধেৰে ভৰা অতীতৰ বহু সামাজিক পৰম্পৰাৰ সাংঘাটিক ধৰণে অৱক্ষয় হৈছে। সমাজত গুণী-জ্ঞানী জ্যেষ্ঠৰ আদৰ বহুলাংশে কমিছে।মানুহৰ মাজত ভাল চিন্তা-চৰ্চাৰ বাবে কথা-বতৰা পাতিবলৈ উপযুক্ত পৰিবেশ নোহোৱা হৈছে।পুৰণি আৰু নতুন চামৰ মাজত সামাজিক স্থিতি আৰু সমাজ ব্যৱস্থাৰ উত্তৰণৰ যোগাত্মক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃত বৃহৎ সামাজিক স্বাৰ্থত হবলগীয়া বুজাবুজিৰ পৰিবেশ বিনষ্ট হৈছে। শিক্ষক সমাজ আৰু ছাত্র-ছাত্ৰীৰ মাজত গুণগত ভাৱে থাকিবলগীয়া গুৰু-শিষ্যৰ সম্পৰ্কত যেন যতি পৰিছে। বিদ্যায়তনিক শিক্ষা ব্যৱস্থাত প্ৰতিদ্বন্দ্বিতামূলক নম্বৰমুখী নতুন ধাৰণাই নৈতিক শিক্ষা আৰু প্ৰকৃত জ্ঞান লাভৰ মাজত মুখ্য আৰু একমাত্ৰ সামাজিক অন্তৰায় ৰূপে ঠিয় দি উঠিছে।প্ৰকৃত ঈশ্বৰ চিন্তাৰ সৰল পথত আধুনিকতাৰ পয়োভৰ আৰু কাৰণবিহীন বাহ্যিকতাৰ বহুল প্ৰচাৰে নতুন প্ৰজন্মক আধ্যাত্মিকতা আৰু নৈতিক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি গঢ়ি তুলিবলৈ অসমৰ্থ হৈছে।

ৰাজীৱ তালুকদাৰ