এই মৃত্যু অকল্পনীয়
ইভা গন্ধীয়া ফুকন
মৃত্যু চিৰন্তন সত্য
তথাপি এই মৃত্যু অকল্পনীয়
ক্ষণিকতে এটি উজ্জ্বল নক্ষত্ৰ
সৰি পৰিল সংগীত আকাশৰ পৰা
নিস্বাৰ্থ স্পষ্টবাদী নিৰ্ভিক জাতিৰ কণ্ঠ নাইকীয়া হ’ল
বুকুৰ মাজত বাজে শূণ্যতাৰ ৰাগ
গীতৰ ৰগিনীৰে সুৰৰ বন্যা বোৱাই
কোনে গাব ভিন্ন ভাষাৰ গীত
কোনে গাব শুৱলা বৰগীত -ভটিমা
কোনে গাব আইনাম ধাইনাম বিহুগীত ঐনিতম
কোনেনো পোহৰাব জগত
সহানুভূতিৰে দুহাত মেলি
কোনে ল’ব নিঃস্ব জনক আকোঁৱালি
পৰিচালক নায়কৰ ভূমিকা লৈ
কোনে মাৰিব ভুমুকি চলচ্চিত্ৰ জগতত
আজি প্ৰতিজন অনুৰাগীৰ হৃদয়ত
গভীৰ শোকৰ ছাঁ
আশা আছিল বহুত দেশৰ
আস্থা আছিল বহুত জনতাৰ
অকল্পনীয় মৃত্যুত
সকলো আশাত চেঁচা পানী পৰিল
ডেকাৰ পৰা বৃদ্ধলৈ সকলো গুণমুগ্ধলৈ
এক বুজাব নোৱাৰা মায়াৰ জাল গাঁঠি
অজান মুলুকলৈ গ’লা আঁতৰি
বিশাল সাগৰে ল’লে অসমৰ মুকুতা সাৱটি
অপুৰণীয় ক্ষতি সহো কেনেকৰি
হে প্ৰাণৰ শিল্পী তোমাৰ গীতেৰে
অমৰ হৈ থাকিবা
ধৰা থাকে মানে থাকিব বাজি
প্ৰতিজন অনুৰাগীৰ হৃদয়ে হৃদয়ে ।