এই প্ৰেম মোৰ শেষ প্ৰেম
মুন শৰ্মা, লখিমপুৰ
আগুৱাই দিছোঁ হাত খন,
খামোচ মাৰি ধৰা,
অনুৰোধ দেই নিৰ্দেশ নহয়,
তোমাৰ কথা, বিশ্বাস মোৰ সঠিক ভাবিবা।
সময় শিকাই গ’ল অভিজ্ঞতাৰ পূৰঠ পাঠ,
ৰৈ যোৱা মানুহ মই আকৌ যি জী উঠিছো,
বিশ্বাসৰ তীব্ৰ সোঁত বৈ যাব অনাদি কাল।
অপেক্ষা মাত্ৰ তোমাৰ উত্তৰৰ,
হেৰাই যাব নিদিওঁ মই, গৈ থাকিম সোঁতে সোঁতে
নিৰন্তৰ বৈ যাব আজীৱন প্ৰবাহমান।
কথা দিলোঁ…….
হাত খন আগুৱাই দিয়া,
এই প্ৰেম মোৰ শেষ প্ৰেম।
