এইবাৰ ৰাজহুৱা হ’ব গৌৰৱৰ পাকিস্তান কানেকচনৰ তথ্যঃমুখ্যমন্ত্রী

এইবাৰ ৰাজহুৱা হ’ব গৌৰৱৰ পাকিস্তান কানেকচনৰ তথ্যঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য ৰাজহুৱা কৰা হ’ব। এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। গুৱাহাটীত টিভিএছ ক্রেডিট টেকন’লজী চেণ্টাৰ মুকলিৰ এক অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত ইতিমধ্যে এছআইটিয়ে দাখিল কৰা প্রতিবেদন অনুসন্ধানৰ বাবে কেন্দ্ৰীয় সংস্থালৈ প্ৰেৰণ কৰা হ’ব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে এই মাহৰ শেষভাগত অথবা জানুৱাৰীৰ প্রথম ভাগত এছআইটিয়ে দাখিল কৰা প্রতিবেদনৰ কিছু তথ্য ৰাজহুৱা কৰা হ’ব। অৱশ্যে এছআইটিৰ প্ৰতিবেদন বিস্তৃত অনুসন্ধান তথা তদন্তৰ বাবে কেন্দ্ৰীয় সংস্থালৈ প্ৰেৰণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়- গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এই ঘটনাৰ সৈতে বহু বিষয় জড়িত হৈ আছে। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে সকলো দিশ তদন্তত সামৰি ল’ব পৰা নাই। কিন্তু এছআইটিয়ে এই তদন্তকালত যি তথ্য সংগ্ৰহ কৰিছে, সেই তথ্য অভিযোগকাৰীৰ বিৰুদ্ধে যথেষ্ট। উল্লেখ্য যে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটে পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এছআইটি গঠনৰ সিদ্ধান্ত লৈছিল। এছআইটিয়ে চলোৱা এই তদন্তত আলী তৌকিৰ শ্বেখৰ ভাৰতবিৰোধী কার্যকলাপৰ সৈতে এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত থকাৰ তথ্য লাভ কৰিছিল, যিগৰাকী ব্ৰিটিছ নাগৰিক হ’ল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ। মুখ্যতঃ এই তথ্যৰ আধাৰত এছআইটিয়ে তদন্ত আৰম্ভ কৰি যোৱা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীক প্রতিবেদন দাখিল কৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাই তদন্ত ৰাজহুৱা কৰা সন্দৰ্ভত স্পষ্ট কৰে যে এছআইটিৰ প্ৰতিবেদনৰ সকলো দিশ কেন্দ্ৰীয় সংস্থাৰ দ্বাৰাহে পৰীক্ষা সম্ভৱ হ’ব।