এইবাৰ চৰকাৰ বিজেপিৰে হ’ব,কোনেও বিজেপি চৰকাৰক ৰাখিব নোৱাৰেঃমুখ্যমন্ত্ৰী

এইবাৰ চৰকাৰ বিজেপিৰে হ’ব,কোনেও বিজেপি চৰকাৰক ৰাখিব নোৱাৰেঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিয়নী বৈছাহাবি চাহ বাগিচাৰ খেলপথাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংবাদিকৰে হোৱা বাৰ্তালাপত বিৰোধীৰ আসন বুজাবুজিৰ মিত্ৰতাক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিৰোধীৰ মিত্ৰতা হ’লেও বিজেপিৰ চৰকাৰ হ’ব, নহ’লেও বিজেপিৰ চৰকাৰ হ’ব। মৰিয়নিত কংগ্ৰেছে ৰাইজৰ দল, অসম জাতীয় পৰিষদক আসন এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- বিৰোধীৰ এনে বুজাবুজিক লৈ মই কোনো গুৰুত্ব দিয়া নাই। ৰাইজৰ দল-কংগ্ৰেছৰ নিৰ্বাচনী বুজাবুজি হ’লেও বিজেপিৰ চৰকাৰ হ’ব, নহ’লেও বিজেপিৰ চৰকাৰ হ’ব। কোনেও ইয়াক ৰাখিব নোৱাৰে। ৯০-৯৫টা সমষ্টিত কোনো বিৰোধীয়েই নাই। উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনত আসন বুজাবুজিৰে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদক ১০টা সমষ্টি আৰু ৰাইজৰ দলকো ১০টা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লৈছে। একে সময়তে কাৰ্বি আংলঙৰ এপিএইচএলচিক দুখন আৰু বাঁওপন্থী দলক তিনিখন আসন এৰি দিয়াৰ এক সিদ্ধান্ত লৈছে কংগ্ৰেছে।