এইবাৰ গুণোৎসৱৰ মূল্যায়নৰ ১০ শতাংশ বার্ষিক পৰীক্ষাত যোগ কৰা হ’ব

এইবাৰ গুণোৎসৱৰ মূল্যায়নৰ ১০ শতাংশ বার্ষিক পৰীক্ষাত যোগ কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা- ১৮ জানুৱাৰীৰ পৰা ৰাজ্যত তিনিটাকৈ পয্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধাৰ অৱস্থিতি মূল্যায়ন সম্পৰ্কে অনুষ্ঠিত কৰা হ’ব গুণোৎসৱ৷আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলত এই কথা প্ৰকাশ কৰে।সংবাদমেলত মন্ত্ৰী পেগুৱে কয় যে, চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ তিনিটা পয্যায়ত অনুষ্ঠিত হ’ব।১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পয্যায়,১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্য্যায়ৰ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।গুণোৎসৱে ৰাজ্যৰ ৪৪৫২৫ খন বিদ্যালয়ক সামৰি ল’ব।গুণোৎসৱৰ মূল্যায়নৰ ১০ শতাংশ বার্ষিক পৰীক্ষাত যোগ কৰা হ’ব।১৮ জানুৱাৰিৰ পৰা ২১ জানুৱাৰীলৈ বৰপেটা জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।জিলাখনৰ মুঠ ২২১৮ খন বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ৷গুণোৎসৱত জিলাখনত ১১৫৬ জন নিৰীক্ষক নিয়োগ কৰা হ’ব৷