এইবাৰ অসমৰ সাহিত্য জগতত চাইবাৰ অপৰাধী

এইবাৰ অসমৰ সাহিত্য জগতত চাইবাৰ অপৰাধী

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভিডসৃষ্ট পৰিস্থিতি আৰু তাৰ আগৰ কেইবা বছৰৰ পৰা ৰাজ্যৰ গ্ৰন্থৰ ব্যৱসায় অতি মন্দাৱস্থা চলি আছে।তেনে সময়তে গ্ৰন্থৰ পাইৰেছীয়ে সমগ্ৰ ব্যৱসায়টো আৰু ইয়াৰ লগত জড়িত লোকসকলৰ মূৰত একপ্ৰকাৰ মাধমাৰ শোধাইছে।ৰাজ্যত ছপা গ্ৰন্থৰ ব্যৱসায় ক্ৰমাৎ সংকটৰ সন্মুখীন হোৱাৰ সময়তে প্রায় প্রতিজন জনপ্রিয় অসমীয়া সাহিত্যিকৰ জনপ্ৰিয় কিতাপৰ পাইৰেছীত নামিছে এক বৃহৎ চক্র।অসমৰ জনপ্ৰিয় সাহিত্যিকৰ হাজাৰ হাজাৰ কিতাপ পাইৰেছী কৰি এইবাৰ পাণবজাৰ আৰক্ষী থানাৰ অতিথি হ’ল এজন চৰকাৰী চাকৰিয়াল৷সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত দিয়া এটা গোচৰৰ পম খেদি পাইৰেছী চক্ৰৰ এটা সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।তিনিচুকীয়াৰ মন্টু ডেকা নামৰ লোকজনৰ লগতে আন কেইবাজনো লোকে গ্রন্থস্বত্ব আইন উলংঘা কৰি ৰাজ্যত বহুদিনৰ পৰা এক পাইৰেছীৰ বজাৰ গঢ়ি তুলিছিল।চাইবাৰ ক্ৰাইম অব্যাহত ৰখা এই চক্ৰৰ কেইবাটাও সদস্য পলাতক অৱস্থাত আছে।প্রায় ৭ হাজাৰ অসমীয়া গ্ৰন্থ অবৈধভাৱে পি ডি এফ আকাৰত উলিয়াই এই চক্রই কম মূল্যত বিক্ৰী কৰি লাখ লাখ টকা অৰ্জন কৰি আছিল।প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী আদিকে ধৰি অসমৰ বিভিন্ন লেখকৰ ৫,০০০ তকৈ অধিক গ্ৰন্থ কপি কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল।