এইবাৰৰ ফলাফল যোৱা বছৰৰ তুলনাত নিম্নগামী হৈছেঃ শিক্ষামন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত শুকুৰবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ এই ফলাফলত উজলি উঠিবলৈ সক্ষম হোৱা জিলাকেইখন হৈছে প্ৰথম শিৱসাগৰ, দ্বিতীয় ডিব্ৰুগড় আৰু তৃতীয় ধেমাজি জিলা৷ এই ফলাফলৰ সন্দৰ্ভত শুকুৰবাৰে ধেমাজিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল আয়োজন কৰি কয় ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। এইবাৰ উত্তীৰ্ণ হাৰ হৈছে ৬৩.৯৮ শতাংশ৷ পূৰ্বৰ তুলনাত উৰ্ত্তীণৰ হাৰ এইবাৰ কম বুলি তেওঁ উল্লেখ কৰে৷ এই ফলাফলৰ শীৰ্ষস্থানৰ জিলা হিচাপে শিৱসাগৰ প্ৰথম, ডিব্ৰুগড় দ্বিতীয়, ধেমাজি তৃতীয়, যোৰহাট চতুৰ্থ, নলবাৰীয়ে পঞ্চম স্থান দখল কৰি উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ইফালে শেষৰফালে আছে শ্ৰীভূমি,কাছাৰ, ধুবুৰী, গোৱালপাৰা জিলা৷ এইকেইখন জিলাৰ উত্তীৰ্ণৰ হাৰ গড়তকৈ তলত আছে ৷ তিনিগৰাকীয়ে প্ৰথম তিনিটা স্থান লাভ কৰিছে৷ সকলো উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰি শিক্ষা মন্ত্ৰী ডাঃ পেগুয়ে কয় যে, যিসকল কৃতকাৰ্য হ’ব পৰা নাই সেই সকললৈ আহ্বান তেওঁলোকে দ্বিতীয়বাৰৰ বাবে সফলতা অৰ্জনৰ বাবে চেষ্টা কৰিব৷ অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সহযোগিতা কৰিব৷ তেওঁ কয়, ফলাফলটোত এটা কথা দেখিছো যে যোৱা বছৰ যেনেকৈ ভাল হৈছিল তাৰ তুলনাত উত্তীৰ্ণ শতকৰা হাৰ নিম্নগামী হৈছে৷ নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা আছে, তাত আমাৰ ফলাফল বেয়া হৈছে৷ তাৰোপৰি আমি যদি জাতিগত, সম্প্ৰদায় হিচাপে চাওঁ তেনে ক্ষেত্ৰত দেখা পাম যে আমাৰ চাহ জনজাতীয় অঞ্চল, অনুসূচিত জাতি অঞ্চল তেওঁলোকৰ ফলাফলত উত্তীৰ্ণৰ গড় হিচাপে কম৷ চাহ বাগান অঞ্চল শিক্ষাত পিছপৰা অঞ্চল৷ সেয়েহে তাত শিক্ষাক আগুৱাই নিয়াৰ বাবে এলানি পদক্ষেপ গ্ৰহন কৰিছে আৰু আমি চাহ বাগিচা মৰ্ডেল স্কুলো প্ৰতিষ্ঠা কৰিছো৷ এইদৰে মন্ত্ৰীগৰাকীয়ে বহুকেইটা দিশৰ ওপৰত মন্তব্য কৰে৷