এইবছৰৰ পৰা চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ’ব নীট পৰীক্ষাঃমুখ্যমন্ত্ৰী

এইবছৰৰ পৰা চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ’ব নীট পৰীক্ষাঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে মেডিকেল প্রৱেশ পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবছৰৰ পৰা চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ’ব নীট পৰীক্ষা।  ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত নীট পৰীক্ষা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত হৈ আহিছে। এই পৰীক্ষাৰ অসম চৰকাৰৰ সৈতে সম্পৰ্ক কম। এডিআৰইৰ দৰে কঠোৰ ব্যৱস্থাও এই পৰীক্ষাত নাথাকে। শেহতীয়াভাৱে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ লগত হোৱা আলোচনাকালত চৰকাৰী বিদ্যালয়ত নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি এইবছৰ অহা ৫ মে’ত হ’বলগীয়া নীট পৰীক্ষা চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব। জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকে পৰীক্ষা কেন্দ্ৰসমূহত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব। পৰীক্ষাৰ্থীসকলক আধাৰ, বায়’মেট্রিক চেকিং কৰিব যাতে এই পৰীক্ষাত কেৱল মেধাৰ প্ৰতিনিধিত্ব হয় আৰু ছাত্র-ছাত্রীসকলে ন্যায় লাভ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই এই সন্দর্ভত কয় যে এতিয়াৰে পৰা এডিআৰইৰ দৰে স্বাস্থ্য, শিক্ষা বিভাগৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰতো অ’এমআৰ, এনছাৰ কী আদি পৰীক্ষাৰ্থীসকলক যোগান ধৰা হ’ব। প্রতিটো ক্ষেত্রতে স্বচ্ছ, নিকা, সমাহিত কৰা হ’ব।