এইটো কোনো কবিতা নহয় – কাজি শ্বাহাদত ইছলাম

PC - Pinterest
এইটো কোনো কবিতা নহয়
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও, কাহিলীপাৰা
মই অশিক্ষিত গৰুক দেখিছোঁ
ঘাঁহনিৰ মাজৰ কিছু
সতেজ ঘাঁহক নোখোৱাকৈ
এৰাই চলিছিল…
কাৰণ তাতে গোবৰ আছিল!!
মই শিক্ষিত মানুহক‌ দেখিছোঁ
অতি কষ্টেৰে বহু বাট পাৰ কৰি
দোকানত গৈ শিখৰ,চাধা, চিগাৰেট,মদ
কিনি খোৱাটো…
সিহঁতেও‌ কিবা এৰাই চলিছিল,
কিন্তু সেয়া আছিল এটা শাশ্বত বাক্য
“ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক”।