এইচিৰ ৭ জন মেধাবি ছাত্ৰৰ মৃত্যুত শোক এআইডিএছঅ’ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২৮ মে’ত গুৱাহাটীৰ জালুকবাৰীত সংঘটিত ভয়াবহ দুৰ্ঘটনাত মৃত্যু হোৱা আছাম ইঞ্জিনিয়াৰিং কলেজৰ সাতগৰাকী মেধাবী ছাত্ৰৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনাত গভীৰ শোক আৰু পৰিয়ালৰ শোকসন্তপ্ত সদস্যসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগুৰ উক্ত দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ক্ৰমে প্ৰকৃত সত্য উদ্ঘাটন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়। সংগঠনৰ পক্ষৰ পৰা গভীৰ উদ্বেগ প্ৰকাশ কৰি কোৱা হয় যে, চৰকাৰে অবাধে মদৰ দোকানৰ লাইচেন্স প্ৰদান কৰাৰ লগতে অন লাইন যোগে মদ ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰি আৰু অপসংস্কৃতি, অশ্লীলতাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাই ছাত্ৰ যুবকসকলৰ নৈতিক মেৰুদণ্ড ধ্বংস কৰাৰ ক্ষেত্ৰত ইন্ধন যোগাই আছে। তাৰ বিষময় পৰিণাম বৰ্তি আছে ছাত্ৰ-যূৱকসকলৰ ওপৰত। বিশেষ ঘটনাত বিশেষ ছাত্ৰ বা যুৱকক জগৰীয়া যেন লাগিলেও প্ৰকৃতাৰ্থত চৰকাৰৰ জন বিৰোধী নীতি আৰু কাৰ্য কলাপেই হৈছে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনাৰ বাবে দায়ী। সেয়ে, চৰকাৰক ৰাজ্যখনত মদৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা, ড্ৰাগছ আৰু অন্যান্য নিচা জাতীয় সামগ্ৰীৰ প্ৰচলন কঠোৰ হাতেৰে নিৰ্মূল কৰাৰ লগতে অপসংস্কৃতি আৰু অশ্লীলতাৰ প্ৰচাৰ অবিলম্বে বন্ধ কৰাৰ বাবে দাবী জনাওঁ।