এআইডিইউএফৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ হাতীগাঁওস্থিত এআইডিইউএফৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত হয়। দলৰ সাধাৰণ সম্পাদক ড° হাফিজ ৰফিকুল ইছলামে সম্বোধন কৰা সংবাদ মেলখনত উপস্থিত আছিল দলৰ চিফ্ হুইপ তথা সাধাৰণ (প্ৰশাসন) সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমী, মহিলা মৰ্চাৰ সভানেত্ৰী হাচিনা আহমেদ, চিদ্দিক আলী ঠাকুৰীয়া তথা সাংবাদিক সহ প্ৰায় ৩০ জনমান লোক। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এআইডিইউএফ দলে ৬০ টা জিলা পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলি ০৮ টা সমষ্টিত নিজ দলৰ প্ৰতীকত আৰু ০৩ টা সমষ্টিত এআইডিইউএফ দলৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হৈছে। আঞ্চলিক পঞ্চায়তৰ সদস্য ৬০ টা আৰু ৬০০ তকৈ অধিক ৱাৰ্ড মেম্বাৰ জয়ী হ’বলৈ সক্ষম হৈছে। সামগ্ৰিক ভাবে দলৰ ফলাফল বেয়া যদিও নিৰ্বাচনত এআইডিইউএফ দলে মুষ্টিমেয় কেইটামান সমষ্টিতহে নিৰ্বাচন খেলিছিল। সেই হিচাপত ৰাইজে ভোট নিদিয়াকৈ থকা নাই। এআইডিইউএফ দলে বিজেপি,কংগ্ৰেছ,ৰাইজৰ দলৰ লগত একে লগে নিৰ্বাচনত ফাইট কৰিব লগা হৈছে। যি সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলে বিজেপিক হৰুৱাবলৈ যুজঁ দিব লাগিছিল সেই সময়ত বিজেপিৰ প্ৰভাৱ নথকা নামনি অসমত কংগ্ৰেছ ৰাইজৰ দলে এআইডিইউএফৰ লগত যুজঁ কৰিছে। বিজেপিৰ প্ৰভাৱ থকা উজনি অসমত অখিল গগৈ, ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বিজেপিক এৰি দি এখনো আসন জয়ী কৰাব নোৱাৰি বিজেপিক বিদাই দিয়াৰ কথা কয়। এআইডিইউএফ তথা বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ গৈ নিজে ব্ৰহ্মপুত্ৰত পৰিল বুলি বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ কৰে। ৰাইজৰ দলৰ সভাত ৰাইজ আহিল ঠিকে এই দলৰ চল চাতুৰি ধৰিব পাৰি ৰাইজে উচিত প্ৰত্যুত্তৰ দিছে। সংখ্যালঘু এলেকাৰ যিবোৰ ঠাইত বিজেপিয়ে খোপনি পুতিব লৈছে বা সংখ্যালঘু এলেকাত বিজেপি জয়ী হৈছে সেইবোৰ এলেকাৰ পৰা বিজেপিক উৎখাত কৰিবলৈ ২০২৬ ৰ বিধান সভাৰ নিৰ্বাচনৰ আগে আগে নতুন ৰণকৌশল তৈয়াৰ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।