এআইইউডিএফৰ বিধায়কসকলৰ লগত আলোচনা সভা
ৰঙিলী বাৰ্ত্তাসেৱা- এ আই ইউ ডি এফৰ সভাপতি মৌ বদৰুদ্দিন আজমলৰ, মুম্বাইৰ বাসগৃহত দলৰ বিধায়ক সকলৰ এখনি বৈঠক বুধবাৰে অনুষ্ঠিত হয়। এই বৈঠকত আগন্তুক বিটিআৰ আৰু বিধান সভা নিৰ্বাচন আৰু দলৰ সাংগঠনিক দিশ সম্পৰ্কে আলোচনা হয়। বৈঠকত দলৰ সভাপতি মৌ বদৰুদ্দিন আজমল চাহাবৰ উপৰিও দলৰ বিধায়ীনি দলৰ দলপতি তথা প্ৰশাসনিক সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাচিমি, উপ সভাপতি মৌ আব্দুল কাদিৰ, উপ সভাপতি তথা বিধায়ক আমিনুল ইছলাম, বিধায়ক তথা সাংগঠনিক সাধাৰণ সম্পাদক দ্বয় ক্ৰমে মজিবুৰ ৰহমান, ড০ হাফিজ ৰফিকুল ইছলাম, বিধায়ক কৰিমুদ্দিন বাৰভূঞা, নজৰুল হক, নিজানুৰ ৰহমান, চামচুল হুদা, আশ্ৰাফুল হুছেইন আৰু দলৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহমান আজমল উপস্থিত আছিল।