এআইইউডিএফৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ প্রত্যাবর্তন কৰিব এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। এআইইউডিএফ দলটোৰ দ্বিতীয়খন প্রার্থী তালিকা ঘোষণাৰ পাছতে এই কথা সদৰী কৰে আজমলে। সভাপতি আজমলে দলটোৰ দ্বিতীয়খন তালিকা নিজেই ঘোষণা কৰিলে। উল্লেখ্য যে অসম বিধানসভালৈ পূর্বতে বিধায়ক ৰূপে নির্বাচিত হোৱা বদৰুদ্দিন আজমলে বিগত কেইবাটাও কাল লোকসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত আজি প্রার্থী তালিকাত বিন্নাকান্দি সমষ্টিৰ পৰা আজমলে নিজেই প্রতিদ্বন্দ্বিতা কৰিব বুলি কৰা মন্তব্যই স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতি তোলপাৰ কৰি তুলিছে। মঙলবাৰে দলটোৱে মুঠ ১২টা বিধানসভা সমষ্টিৰ বাবে প্রার্থী ঘোষণা কৰে। সভাপতি বদৰুদ্দিন আজমলে নিজে প্রার্থী তালিকাখন সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে। ঘোষিত দ্বিতীয়খন তালিকা অনুসৰি দলটোৱে আগন্তুক অসম বিধানসভা নির্বাচনত বিন্নাকান্দিত বদৰুদ্দিন আজমল, গোৱালপাৰা পূবত হাফিজ বছিৰ আহমেদ, ধুবুৰীত নজৰুল হক, দলগাঁৱত মজিবুৰ ৰহমান, চেঙাত আশ্রাফুল হুছেইন, চামগুৰিত আব্দুল আজিজ, পশ্চিম কৰিমগঞ্জত চিহাব উদ্দিন, চমৰীয়াত ইমদাদ হুছেইন, গোলকগঞ্জত জমছেৰ তালুকদাৰ, বিজনীত মুছুখা বসুমতাৰী, ৰহা (এছচি)ত মুকুট দাস আৰু ৰামকৃষ্ণ নগৰ (এছচি)ত ডাঃ অনুপ কুমাৰ দাস তালুকদাৰক প্ৰাৰ্থী ৰূপে ঘোষণা কৰে। ইপিনে ধুবুৰীৰ বিধায়ক তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী নজৰুল হকে পৰৱৰ্তী সময়ত ঘোষণা হ’বলগীয়া ৮-১০জনীয়া তালিকাত ধুবুৰীৰ বীৰছিং-জৰুৱা বিধানসভা সমষ্টিত প্রার্থী ৰূপে অৱতীৰ্ণ হ’ব বুলি সদৰী কৰে। দলটোৱে তৃতীয়খন প্রার্থী তালিকাও অতি শীঘ্রেই প্রকাশ কৰিব বুলি আজি ঘোষণা কৰিছে।
