এআইইউটিইউচিৰ উলুবাৰীত প্ৰতিবাদ দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰতি আমেৰিকাৰ প্ৰত্যক্ষ উচতনিত ইজৰাইলে বৰ্বৰভাৱে আক্ৰমণ চলাই গাজাত হাজাৰ হাজাৰ শিশু , নাৰী , কিশোৰ সহ শ্ৰমজীৱি মানুহক হত্যা কৰিছে ।এই হত্যাকাণ্ডৰ প্ৰতিবাদত অল ইণ্ডিয়া ইউনাইটেড ট্ৰেড ইউনিয়ন চেন্টাৰৰ(এ আই ইউ টি ইউ চি) সৰ্বভাৰতীয় কমিটীৰ আহ্বান ক্ৰমে আজি গুৱাহাটীৰ উলুবাৰীত প্ৰতিবাদ দিৱস পালন কৰা হয়। এই উপলক্ষে সংঠনৰ ভালে সংখ্যক কৰ্মীয়ে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত বেনাৰ,প্লেকাৰ্ড আদি লৈ উলুবাৰী অভাৰ ব্ৰীজৰ সমীপত সমবেত হয় আৰু ইজৰাইলৰ দ্বাৰা গাজাষ্ট্ৰীপত চলি থকা শিশু -নাৰী – কিশোৰ- শ্ৰমজীৱি মানুহক হত্যা কৰা বন্ধ কৰক , সকলো ধৰণৰ যুদ্ধ বন্ধ কৰক , যুদ্ধ নহয় শান্তি লাগে, যুদ্ধবাজ আমেৰিকা -ইজৰাইল হুচিয়াৰ , দেশে দেশে যুদ্ধৰ দাবানল সৃষ্টিকাৰী আমেৰিকান সাম্ৰাজ্যবাদ নিপাত যাওঁক, সাম্ৰাজ্যবাদৰ বিৰূদ্ধে দূনিয়াৰ মজদুৰ এক হওঁক , ইজৰাইলৰ দ্বাৰা গাজাত চলোৱা হত্যাৰ বিৰুদ্ধে দেশে দেশে প্ৰতিবাদী আন্দোলন গঢ়ি তোলক, US-Isreal, Hands off Palestine ইত্যাদি শ্লোগানেৰে অঞ্চলতো উত্তাল কৰি তোলে। তাতেই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।সভাত সুভাষ গোস্বামী , অজিত আচাৰ্য্য,প্ৰমোদ ভাগৱতী আদি কেইবাজনো বক্তাই ভাষণ দিয়ে।বক্তা সকলে সাম্ৰাজ্যবাদৰ স্বৰূপ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাণিজ্য যুদ্ধ ব্যাখ্যা কৰাৰ লগতে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ নক্কাৰ জনক ভূমিকাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে৷