ঋতু ৰাণী শৰৎ আকৌ আহিল – মুন শৰ্মা

PC Wikipedia
ঋতু ৰাণী শৰৎ আকৌ আহিল
মুন শৰ্মা, লখিমপুৰ
আকৌ আহিল ঋতু ৰাণী শৰৎ। পদুলিৰ বকুল জোপা, চোতালৰ শেৱালী জোপাই তাৰেই বতৰা দিছে। পুৱাৰ দুবৰিত নিয়ৰৰ মুকুতা পুৱাৰে দেখি মন আৰু সন্দেহ নাই যে শৰৎ আহিব আৰু যে বাকী।প্ৰতি জন মানুহৰে মনত শৰৎতে ৰাখিছে বিশেষ ঠাই যি অতীত, বৰ্তমান আৰু ভৱিষ্যত সদায় থাকিব ।এক প্ৰকাৰে কবলৈ গলে শৰৎ আমাৰ বাবে আনন্দৰ এটি অন্য নাম। বিশেষকৈ আমাৰ প্ৰতি জনৰে লৰালীৰ শৰৎৰ সময় বোৰৰ কথা কোনোবাই জানো পাহৰিব পাৰিব জীৱনত।এই আমাৰ প্ৰিয় ঋতু টো ঋতু হিচাপ মতে ছয় ঋতুৰ ভিতৰত তৃতীয় ঋতু বুলি ধৰা হয়।ইয়াৰ ইংৰাজী নাম হৈছে Atuman বা Fall. অসমীয়া মাহ ভাদ শেষৰ পৰা কাতি মাহৰ প্ৰায় শেষলৈ থকা এই ঋতুত দিন চুটি ৰাতি দীঘল হয়। পুৱা ভাগত অলপ ঠাণ্ডা পৰে দিনৰ তাপমাত্ৰা নাতিশীতোষ্ণ হয়। বৰষুণৰ পৰিমাণ কমি যায় বাৰিষাৰ কলীয়া মেঘ আঁতৰি যায় পৰিষ্কাৰ ফৰকাল বতৰ হ’বলৈ আৰম্ভ কৰে। এই ঋতুত গছৰ সৰিব ধৰে সেউজীয়া পৰিৱেশ অন্য এক ৰূপত ধৰা দিয়ে ধৰণীত।এইটো ঋতু আকালৰ ঋতু বুলি কোৱা হয় কাৰণ অন্য প্ৰদেশৰ কথা নাজানো কিন্তু অসমত এই সময় খিনিত ভুৰালৰ ধান কেইটাকে ধৰি বহুত বস্তুৰ অভাৱ দেখা যায়। যদিও ই আকাল তথাপি এই ঋতুতে এমুঠি আশা ও আমাৰ চকুত ধৰা দিয়ে কাৰণ এই সময়ে  আমাৰ অন্ন মুঠি আকৌ যোগাৰ পোৱাৰ বাবে পথাৰত লহপহকৈ  বাঢ়ি অহা ধাননি দৰাই।আকৌ চাবলৈ গলে হিন্দু ধৰ্মীয় উৎসৱ দুৰ্গা পূজা, লক্ষ্মী পূজা,দেৱালী, অসমীয়াৰ কাতি বিহু,  উৎসৱ এই সময়তে হয় তাৰে ভিতৰত সমগ্ৰ ভাৰতৰ লগত  দক্ষিণ এছিয়া আৰু বৰ্তমান আমেৰিকাকে ধৰি বিশ্বৰ বহু কেইখন বিদেশী ৰাষ্ট্ৰই উদযাপন কৰা দেখা যায়। আৰু দুৰ্গা পূজা লাহে লাহে হিন্দু  ধৰ্মীয় লোক সকলৰ মাজতে সীমাবদ্ধ নাথাকি সাৰ্বজনীন ৰূপত লৈছে।(পূজা নকৰে বা নাপাতে কিন্তু পূজাৰ আনন্দ উপভোগ কৰে) সেয়ে এই সময় খিনিত অসমীয়াৰ লগতে গোটেই ভাৰতৰ হিন্দু লগতে সমগ্ৰ ভাৰতবৰ্ষ লোক সকলৰ বাবে ব্যস্ত মধুৰ সুখৰ সময়।