ঋতুৰাণী শৰতৰ আগমন – জ্যোতিৰ্ময়ী শৰ্ম্মা

ঋতুৰাণী শৰতৰ আগমন

জ্যোতিৰ্ময়ী শৰ্ম্মা

শৰতৰ শীতল মধুৰসনা পুঁৱা
দুবৰিৰ নিয়ৰ সনা দলিচা
চোতালৰ শেৱালীৰ আমোল মোলোৱা সুৰভীয়ে
মনলৈ প্ৰসন্নতা কঢ়িয়াই আনে
নৈৰ পাৰৰ কহুৱাদৰাই হালি জালি
শৰত অহাৰ কথাকে কয়
খনিকৰৰ নিভাজ শিল্প মৃণ্ময় মুৰ্ত্তিত
প্ৰাণ পাই উঠে দেৱী দূৰ্গাৰ উজ্জ্বল ছবি
প্ৰজ্জলিত হয় চাকি বন্তি
বিল্বপত্ৰ, পুষ্প,ঘিউ  মৌৰ সুগন্ধিয়ে
বায়ুমণ্ডল পৱিত্ৰ কৰে ,
দেৱীৰ মন্ত্ৰপাঠ , বন্দনাৰে
মন পুলকিত কৰে
বেলবোধনৰ পৰা দশমীলৈ
দেবী মাৰ আৰধনাই মনলৈ বিশুদ্ধতা আনে
চাকি-বন্তি,ধূপ-ধূনাৰ গোন্ধে চৌপাস
আমোল-মোলাই তোলে
ঢাক ঢোলৰ শব্দত ,
আয়তিৰ উৰুলিত দেৱী বন্দনাই
চৌদিশ ৰজনজনাই এক উৎসৱমুখৰ পৰিবেশ মুখৰিত কৰে
শংখ, ডবা কাহৰ শব্দত প্ৰাণ পাই উঠে,
ধোঁৱাৰে আৱৰা দেৱীৰ আৰতি থলীয়ে মন্ত্ৰ মুগ্ধ কৰে
মনলৈ এক অজান শক্তি শিহৰিত কৰে ।
ৰঙা-নীলা বিজুলী পোহৰৰে পূজা থলী জকমকাই
ৰঙীন বেলুন আৰু পেপা-সুহুৰীৰ শব্দই
পৰিবেশ  উখল্-মাখল্ কৰে
প্ৰাণ চঞ্চল শিশুৰ মনত আনন্দৰ জোৱাৰ তোলে
মোৰ মনলৈওঁ সোণালী শৈশৱৰ ছবি ভাহি আহে
আহিনৰ সংক্ৰান্তিৰ বিয়লি বেলা
গৃহস্তই খেতিদৰাত আকাশ বন্তিৰ প্ৰজ্বলন কৰে
তুলসীৰ আগত শৰাই শলিতা আগবঢ়াই
কাতি বিহু উৎযাপন কৰে
সোণগুটিৰে লক্ষ্মীমি ভৰপকহৈ চোতাল ভৰি পৰক
অপায় অমঙ্গল নাশ হওঁক বুলি লয় আৰ্শীবাদ
পথাৰৰ সেউজীয়া  ধাননি দৰাই লাহে লাহে
গাৰ ৰং সলাই সোণালী ৰঙেৰে ভৰপক হৈ
আঘোনলৈ থাকে বাত চায়
খেতিয়কৰ হিচাব-নিকাচৰ খতিয়ানৰে
হাজাৰ ৰঙীন সপোনৰ বুতা বাচে ।