ঋতুৰাণী শৰতৰ অনুভৱ আৰু কিছু প্ৰাসংগিক কথা
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
সৃষ্টিৰ এক অপূর্ব সৌন্দর্যৰ নিদর্শন পোৱা যায় আহিনৰ আঁচল ধৰি ধৰাৰ বুকুত আগমন ঘটা শৰৎ ঋতুত। ইয়াৰ আগমনে সমস্ত জগত নিমাত- নিস্তব্ধ হৈ পৰে । চৌপাশৰ শান্ত পৰিৱেশে বিমোহিত কৰে আমাৰ মন । শৰৎ মানেই আহিন আৰু আহিন মানেই মনলৈ ভাহি আহে নান্দনিক পৰিৱেশৰ কথা । ঘন কুঁৱলীৰ ডাঠ আৱৰণ গুচাই যিয়ে সৌন্দর্যৰ দৰ্শন কৰাই; যাৰ পুলকিত সুঘ্রানত জগত জিন যায় । সেই তল সৰা শুভ্ৰ নিশিপুষ্পই ধৰালৈ শৰতৰ বতৰাই লৈ আহে । মৃদু মলয়াই ৰিবৰিবকৈ সুগন্ধি ৰাণীৰ সৌৰভৰ সৈতে আমাক আলিংগন কৰোৱাই। দোকমোকালিৰ এচমকা পোহৰত দুবৰিৰ বুকুত সৰিপৰা মুকুতা মণিবোৰ চকুত অনাবিল সৌন্দৰ্যৰ জোৱাৰ তোলে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে শেৱালিৰ ৰূপ- ঘ্ৰাণত মোহিত হৈ লিখিছে ,
‘‘আমার নয়ন ভুলানো এলে,
আমি কী হেরিলাম হৃদয় মেলে,
শিউলি তলায় পাশে পাশে ঝরা ফুলের রাশে রাশে
শিশির ভেজা। ঘাসে ঘাসে অরুণ রাঙা চরণ ফেলে —
নয়ন-ভুলানো এলে।”(প্রকৃতি ১৪৬, গীতাঞ্জলি -১৩)
শৰতৰ আগমনত পথাৰৰ শ্যামলিমা শস্যবোৰ অন্তঃসত্ত্বা হৈ পৰে । নৈৰ পাৰৰ শুভ্ৰ কঁহুৱাবনবোৰে আনন্দ মনে নৃত্য কৰি শৰত ৰাণীক ওলগ জনাই। এইবোৰৰ অবিহনে শৰতৰ অনুভূতি যেন অবান্তৰ।
কিন্তু বৰ্তমান আধুনিকতাৰ চক্রবেহুত আমাৰ প্ৰকৃতিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে । শৰৎ ঋতুতো বায়ুমণ্ডল উত্তপ্ত হৈ পৰিছে। গ্ৰীষ্ম – বৰ্ষাকালৰ দৰে পৃথিৱীখন উষ্ম হৈ পৰিছে । প্ৰকৃতিৰ নিয়ম মতে এই ঋতুৰ আগমনৰ লগে লগে পৃথিৱীৰ বুকু শান্ত-নিমাখিত হৈ পৰে ,দোকমোকালিতে পৃথিৱীৰ চৌপাশ কুঁৱলীৰ শীতলী আৱৰণখনে মেৰিয়াই ধৰে । কিন্তু সাম্প্ৰতিক অত্যাধুনিক অৱবাহিকাৰ সোঁতত নিয়ৰ – কুঁৱলীবোৰো হেৰাই যোৱাৰ উপক্ৰম হৈছে তাৰ ঠাই লৈছে গা পুৰি যোৱা প্ৰভাতী কিৰণে । প্ৰকৃতিয়েও যেন তাৰ উগ্ৰ ৰূপ ধাৰণ কৰি মানৱৰ অপকৰ্মৰ উত্তৰ দিছে । প্ৰকৃতিৰ সৌন্দর্য লোপ পোৱা , নীতি- নিয়মক উলংঘন কৰা আন কোনো নহয় , জীৱ শ্ৰেষ্ঠত্বৰ খিতাপ গ্রহণ কৰা আমিয়েই …এনেদৰেই হয়তো এদিন এই ঋতুৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ হেৰাই যাব কালৰ নিষ্ঠুৰ সোঁতত !
অন্যহাতে আহিন মানে ক’লেই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই আমাক শাৰদীয় দুৰ্গোৎসৱৰ উমান দিয়ে । য’ত শক্তিৰ পূজা – অৰ্চনা কৰা হয়। যাৰ বাবে আমি এটা বছৰ অধীৰ অপেক্ষাৰে বাট চাও। য’ত জড়িত হৈ থাকে আমাৰ আশা , আৱেগ, আনন্দ – স্ফূৰ্তীৰ কত যে কাৰণ । বৃদ্ধ- ডেকাৰ পৰা আদি কৰি সহস্ৰজনৰ মনোবাঞ্ছাবোৰ পৰিপূৰ্ণতা পায় জগতজননী , সিংহবাহিনী, শাৰদা, আনন্দময়ী মাতৃ দুৰ্গাদেৱীৰ চৰণত। সেই ভক্তিৰ আৰাধনাতো যেন বৰ্তমান প্ৰতিযোগিতাই দেখা দিছে । ভক্তিভাৱতকৈ লৌকিকতাইহে আধিপত্য বিস্তাৰ কৰিছে । তথাকথিত মঞ্চ বা মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতাত ব্ৰতী সমাজৰ এচামলোক। ভিন ভিন দেশৰ ডাঙৰ ডাঙৰ সৌধবোৰৰ ৰূপ দিবলৈ গৈ এফালে অতিৰঞ্জিত পোহৰৰ পয়োভৰ অন্যহাতে সংস্কৃতিক তোলপাৰ কৰি আধুনিকত সাজ – সজ্জাৰ প্ৰতিযোগিতাত মত্ত এই যুগৰ এচামলোক। নগৰবোৰত আকৌ সৰ্বসাধাৰণ লোকে বিশাল যান-জঁটৰ কবলত পৰে । ভগৱান সদায়েই ভক্তিৰ অধীন , এনেকৈ অত্যাধিক বাহ্যিক জাকজমকতাৰে সজ্জিত মণ্ডপত ভক্তিভাৱ দুগুণ হৈ নাযায়। শুদ্ধ অন্তৰখনেৰে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলেই ভগৱান সন্তোষিত হয় । ৰাৱণৰ বিনাশৰ বাবে শৰতকালত অকালবোধনেৰে প্ৰভু ৰামচন্দ্ৰই দেৱী দুৰ্গা পূজাৰ যেনেকৈ প্ৰচলন কৰিছিল, সেই ধাৰা অব্যাহত থাকক যুগ- যুগান্তৰ।
তদুপৰি এই সমাজৰ কিছুমানলোকৰ মনবোৰ এতিয়া পাশৱিক আত্মাৰ বাসস্থান হৈ পৰিছে । জগতৰ ৰীতি- নীতি উলংঘন কৰি অত্যাৰ – অনাচাৰেৰে , নাৰীক নিৰ্যাতন কৰি ধৰাৰ বুকুত এক ত্ৰাসৰ সৃষ্টি কৰিছে । গোটেই বছৰ নাৰীৰ সন্মান হনন কৰি , নৈমিত্তিক অধৰ্ম কৰি দেৱী পূজাত ভক্তিৰ পৰিচয় দিলেই পাপৰ কলহ খালী হৈ নাযায় । সুযোগ পালে একেই নিৰ্যাতনৰ বলি হ’ব নাৰীজাতি।
গতিকে প্ৰত্যক নাৰীয়েই নিজক দূৰ্গাৰ ৰূপত আত্মপ্ৰকাশ কৰি জগতক কলুষিত কৰা অসুৰৰ বিনাশ কৰা উচিত। নাৰী শক্তিৰ দৃষ্টান্তমূলক প্ৰতিচ্ছবিৰ প্ৰমাণ দিয়া উচিত। নাৰীৰ মন যদি কোমল হ’ব পাৰে প্ৰয়োজনত শিলতকৈ কঠিনো হ’ব লাগে। অৱশেষত জগততাৰিণী , সংহাৰিণী মা দুৰ্গাদেৱীৰ আগমনত জগতখন যেন যোগ্য ভোগ্য বসুন্ধৰা হৈ পৰক , মহামাৰী , দুৰ্দশাৰ অন্ত পৰক । অসুৰিক চিন্তা-ধাৰাৰ বিনাশ হওক। সংসাৰ সৃষ্টিশীল ধাৰা অব্যাহত থাকক আৰু জগতত শান্তিৰ সন্তোলন সুস্থিৰে থাকক। শৰতৰ সৌন্দর্য ই সকলোৰে দেহ-মন আনন্দত দোলায়িত কৰক তাৰে কামনাৰে সদৌ অসমবাসী ৰাইজলৈ আগন্তুক দুৰ্গা পূজাৰ হিয়াভৰা ওলগ জনালোঁ।