ঋণাত্মক পৰিস্থিতিকো ধণাত্মক কৰাৰ কৌশল
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
মোৰ লিখনিভাগৰ শিৰোনামাটো দেখি আপোনালোকে হয়তো লিখনিভাগ প্ৰতি জিজ্ঞাসা বৃদ্ধি পাইছে। সচাকৈ আপোনালোকৰ দৰে মোৰ নিজৰ বাবেওঁ ঋণাত্মক পৰিস্থিতিকো ধণাত্মক কৰাৰ কৌশল অতিকৈ আবশ্যক। আৰু ইয়াৰ বাবে এক কথাত কবলৈ গলে মানুহে হয়তো বৰ্তমান সময়ত লক্ষ্য লক্ষ্য টকা ব্যয় কৰিবলৈ প্ৰস্তুত নহয়নে ? কিন্তু কেতিয়াবা আমি সুস্থ মন,মস্তিষ্কৰ জৰিয়তে একান্ততে বহি গহীন,গম্ভীৰ ভাৱে কিমানদূৰ চিন্তা কৰি চাইছো যে, আমাৰ জীৱনৰ অহা ঋণাত্মক পৰিস্থিতি সমূহৰ সৈতে আমি কিদৰে মোকাবিলা কৰি অতি সোনকালেই আৰু অতি সহজতেই সকলো ধৰণৰ পৰিবেশ, পৰিস্থিতি একেবাৰে সামান্য কৰি গঢ়ি তুলিবলৈ সক্ষম হ’ম। আমাৰ জীৱনত লাহে লাহে কৰি বিপদ নামি আহিলে আমি সকলোৱে হয়তো তেনেধৰনৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ থাকো। কিন্তু অকস্মাতে আমাৰ জীৱনত নামি অহা বিপদ সমূহে আমাক একেবাৰে ধণাত্মক পৰিস্থিতিৰ পৰা একেবাৰে তৎকালীনভাবে ঋণাত্মক দিশলৈ গতি কৰিবলৈ বাধ্য কৰায় দিয়ে আৰু আমি সকলোৱে তেতিয়াই অতি সহজতে মনোবল ভাঙি পেলাওঁ নহয়নে? আচলতে যেতিয়াই আমাৰ জীৱনলৈ ঋণাত্মক পৰিস্থিতি গা কৰি উঠে, ঠিক তেতিয়াই পোনপ্ৰথমে আমি যিমানদূৰ সক্ষম নিজৰ মন আৰু মস্তিষ্কক শান্ত কৰি তুলি ল’ব লাগে। আচলতে মই কোৱাৰ দৰে একেবাৰে মন, মস্তিষ্কক শান্ত কৰি লোৱাটো অতি সহজ কথা নহয়। তথাপিও ঋণাত্মক পৰিস্থিতি আপুনি নিজকে নিজে এই বুলিয়েই শান্তনা দিব পাৰে যে,মোৰ জীৱনত উদ্ভাৱন হোৱা সমস্যা সমূহ দৰে এই গোটেই বিশ্বজুৰি আৰু বহুতো মানুহৰ মাজতো একেধৰণৰ সমস্যা সমূহ মুখামুখি কৰি আহিছে। আৰু অনাগত দিনবোৰত মোৰ দৰে অন্যান্য বহু মানুহৰে জীৱনত একেধৰণৰ সমস্যা সমূহ গা কৰি উঠাটো একেবাৰে স্বাভাৱিক। অৰ্থাৎ পৰিবেশ,পৰিস্থিতি মাজত অন্তৰ আহিলেওঁ সমস্যা সমূহৰ প্ৰকৃত স্বৰূপৰ মাজত কোনো পৰিবৰ্তন নহয়।গতিকে মোৰ জীৱনলৈ অহা সমস্যা সমূহ এইখন সংসাৰত কোনো নতুনত্বৰ বিষয়-বস্তু নহয়। শিল-ধুমুহা আহি প্ৰকৃতিৰ অনিষ্ট সাধনৰ পিছত যদি জীৱন পুনৰ নিৰ্মাণ কৰাত সকলোৱে সফলতা অৰ্জন কৰিছে তেন্তে আপুনি বা মই কিয় নোৱাৰিম। হাত-ভৰি নথকা মানুহবোৰেওঁ যদি সকলোবোৰ পৰিস্থিতিৰ মোকাবিলা কৰি জীৱন সুস্থিৰভাবে আগুৱাই লৈ গৈছে তেন্তে আমি শাৰিৰীক আৰু মানসিকভাবে সুস্থ সবল মানুহৰ শাৰীত থাকিওঁ মনোবল কি দূৰ্বল কৰি লৈছোঁ। জীৱন গতিশীল ইয়াৰ লগতে আমাৰ পৰিবেশ,পৰিস্থিতিও সদায় গতি কৰি থাকে। গতিকে ঋণাত্মক পৰিস্থিতিকো ধণাত্মক কৰাৰ কৌশল মই আপোনাক হয়তো মুখেৰে বা লিখি বুজায় দিব পাৰোঁ। কিন্তু ইয়াৰ ওপৰত দক্ষতা নিজে নিজেই আয়ত্ব কৰিব লাগিব। আপুনি হয়তো দেখি শিকিবলৈ চেষ্টা কৰক নহ’লে পৰিস্থিতিয়ে ওপৰত পৰি ঠেকি শিকিবলগিয়া হ’ব পাৰে। পৰিস্থিতিৰ পৰা ঠেকি গ্ৰহণ কৰা শিক্ষাবোৰ আচল শিক্ষা কিন্তু আজিকালি দ্রুতবেগে আগবাঢ়ি যোৱাৰ সময়। যদি সকলোবোৰ শিক্ষা ঠেকি শিকিবলগিয়া হ’লে সময়ৰ নাটনি হৈ পৰিব পাৰে জীৱনত। গতিকে ঋণাত্মক পৰিস্থিতিকো ধণাত্মক কৰাৰ কৌশল আপুনি কিদৰে আয়ত্ব কৰিবলৈ সক্ষম হৈছে সেইবোৰ কেৱল মাত্ৰ আপোনাৰ নিজস্ব কথা। আৰু যিসকল মানুহ এতিয়ালৈকে সফলতা শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে তেখেতসকলৰ প্ৰত্যেকজনে নিজৰ জীৱনৰ অহা ঋণাত্মক পৰিস্থিতি সমূহকো ধনাত্মক ৰূপত গ্ৰহণ কৰি নিজৰ নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি মনোনিবেশ কৰিবলৈ সক্ষম হৈছে। আচলতে আমি আমাৰ লগত কি নাই বা কি হেৰাই পেলাইছো তাৰ প্ৰতি বেচিকৈ গুৰুত্ব প্ৰদান কৰি আহিছোঁ কিন্তু আমাৰ লগত বৰ্তমান সময়তো অতিকৈ মূল্যবান জীৱন আৰু অতিকৈ মূল্যবান সময়বোৰ এতিয়াও আমাৰ হাততেই আছে সেইবোৰ কিয় দিন প্ৰতিদিনে পাহৰি গৈ আছোঁ।