উৰুঙা মাঘ – অমিয়া বেগম

PcDiscovery Place

উৰুঙা মাঘ 

অমিয়া বেগম

আজি মেজিৰ জুইকুৰা
জ্বলি জ্বলি শেষ হৈ যাব
কিন্তু সমগ্ৰ অসমবাসীৰ
হৃদয়ত জ্বলি থকা
প্ৰাণৰ শিল্পী সাধক
জুবিনবিহীন জুইকুৰা
জ্বলি থাকিব।
এতিয়াও বিশ্ববাসী
শান্ত হোৱা নাই
হিয়াৰ আমঠু
হীৰা টুকুৰাক হেৰুৱাই
মাথো ন্যায়াৰ অপেক্ষাত
ধৈৰ্য্যৰে ৰৈ আছো।