উৰুঙা উৰুঙা মাঘৰে বিহু  – ইভা গন্ধীয়া ফুকন

Pc Avon Fire and Rescue Service

উৰুঙা উৰুঙা মাঘৰে বিহু 

ইভা গন্ধীয়া ফুকন

অসমীৰ চোতালত
ভোগালীৰ ভূমুকি
হিমচেঁচা শীতৰ সেমেকা আৱেশত
মন সেমেকা সেমেকা
এজনৰ পাছত এজন শিল্পীৰ দেহাৱসান
উৰুকাৰ দিনাই গুচি গ’ল আন এজন শিল্পী
মাঘ বিহু পাতো কেনেকৰি

সাতামপুৰুষীয়া উৰুকাৰ পৰম্পৰা বুলি
লগে -ভাগে,হাঁহে -মাহে এসাজ খালেও
নাই আনন্দ
মেজিৰ জুইৰ শিখাই মনত পেলাব
প্ৰাণৰ শিল্পীৰ চিতাৰ জুই
যি জুই জ্বলি আছে প্ৰতিজন অনুৰাগীৰ প্ৰাণে প্ৰাণে

তেওঁ গাই যোৱা গীত শুনি শুনি
আখলত লাডু – পিঠা ভজাৰ আমোলমোলনি
মেজি ভেলাঘৰতো প্ৰাণৰ শিল্পী তোমাৰেই প্ৰতিচ্ছবি
এইদৰে মৰমেৰে ৰাখিম তোমাক যুগমীয়া কৰি।