উৰিষ্যাৰ বালাছোৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ওড়িশাৰ বালাচ’ৰত যোৱা কালি সন্ধিয়া এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।কলকাতাৰ শালিমাৰৰ পৰা চেন্নাইগামী ক’ৰ’মণ্ডল এক্সপ্ৰেছখন ওড়িশাৰ বালাচ’ৰ জিলাৰ বাহানগা ৰে’ল ষ্টেচনৰ সমীপত সন্ধিয়া প্রায় ৭.২০ বজাত লাইনচ্যুত হয়। লাইনচ্যুত ৰে’লখনৰ কেইবাটাও দবাই বিপৰীত দিশৰ পৰা অহা মালবাহী ৰে’ল এখনত খুন্দা মাৰে। ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ লাইনচ্যুত দবাকেইটাই যশোৱস্তপুৰ-হাওৰা এক্সপ্ৰেছত খুন্দা মাৰে। দুয়োখন ৰে’লৰ সংঘৰ্ষত সংঘটিত দুর্ঘটনাত বৰ্তমানলৈ ২৮৮ জন লোকৰ মৃত্যু হৈছে। আৰু ১,০০০ ৰো অধিক লোক আহত হৈছে।উদ্ধাৰকাৰ্য যিমানেই আগুৱাব, নিহত আৰু আহত লোকৰ সংখ্যা অধিক বৃদ্ধি পাব। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এনডিআৰএফৰ দল, ওড়িশাৰ ডাইজেষ্টাৰ ৰেপিড একচন ফ’ৰ্চে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুয়োখন ৰে’লৰ খুন্দাত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰি আহতসকলক ওচৰৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।এতিয়াও বহু যাত্ৰা আবদ্ধ হৈ থাকিব পাৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। গভীৰ নিশা ৰে’লৰ দৰ্জা ভাঙি, গেছ কাটাৰ ব্যৱহাৰ কৰি উদ্ধাৰকাৰ্য চলোৱা হয়। দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে টুইট কৰি কয়, ‘ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত শোকস্তব্ধ। মৃত আৰু আহতৰ পৰিয়ালৰ বাবে মোৰ সমবেদনা। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনা হৈছে। উদ্ধাৰ চলি আছে। ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সম্ভাৱ্য সহযোগিতা কৰা হৈছে।’কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ ফলত মৃতকৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’ল দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ আৰু সামান্যভাৱে আঘাতপ্ৰাপ্তসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।এই ভয়াবহ ৰে’ল দুৰ্ঘটনাকলৈ গভীৰ শোক আৰু উদ্বিগ্ন ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল’বলৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰীয়ে । এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে । আজি ওৰিষ্যাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে ।দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰিব।