উৰিষ্যাৰ কবি হলধৰ নাগ : সৃষ্টিশীলতাৰ মহানায়ক
খাইৰুল ইছলাম,বৰপেটা
এই বিখ্যাত কবিৰ নাম হলধৰ নাগ । আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল মাত্ৰ তৃতীয় শ্ৰেণীলৈ । সেইখিনিলৈকেও নিয়মিতভাৱে শ্ৰেণীকোঠাত উপস্থিত থাকিব পাৰিছিল নে নাই সন্দেহ আছে । অথচ তেখেতে ৰচনা কৰা কবিতা সমূহ অধ্যয়ন/গৱেষণা কৰি এই পৰ্যন্ত পাঁচ গৰাকী ব্যক্তিয়ে পি এইচ ডি ডিগ্ৰী অৰ্জন কৰিছে । মূলত প্ৰাচীন ‘কোশলি’ ভাষাত কবিতা লিখে তেখেতে । আচৰিত কথা এটা হ’ল, নিজে লিখা ২০ খন মহাকাব্যৰ অজস্ত্ৰ কবিতা হলধৰে মুখস্থ মাতিব পাৰে । ১৯৫০ চনত উড়িষ্যাৰ ‘ বড়গৰ ‘ জিলাৰ ‘ ঘেস ‘ নামৰ এখন গাঁৱত দীন দৰিদ্ৰ পৰিয়াল এটাত হলধৰ নাগে জন্ম লাভ কৰে । মাত্ৰ দহ বছৰ বয়সত পিতৃ বিয়োগৰ পিছত তৃতীয় শ্ৰেণীতে লিখা পঢ়া সামৰিব লগা হয় । পৰিয়ালৰ বাবে এমুঠি আহাৰৰ সন্ধানত গাঁৱৰে হাইস্কুল এখনত ৰান্ধনী হিচাপে তেখেতৰ জীৱন সংগ্ৰাম আৰম্ভ হয় । এই কামত ব্ৰতি থকা সময়তে তেখেতৰ সৈতে মালতী নামৰ ছোৱালী এগৰাকীৰ পৰিচয় হয় । মালতী আছিল ৰন্ধা বঢ়া কামত সহায়িকা । লাহে লাহে মালতীৰ প্ৰতি কিবা এক আকৰ্ষণ অনুভৱ কৰে হলধৰে । মালতী দেখাত যথেষ্ট ৰূপৱতী হোৱাৰ বাবে ভাল লগা বা ভালপোৱাৰ কথা ব্যক্ত কৰিব পৰা নাছিল হলধৰে !! এক প্ৰকাৰ হীনমন্যতা । মুখেৰে একো প্ৰকাশ কৰিব নোৱাৰিলেও ৰান্ধনীশালৰ বেৰত কয়লাৰে কবিতা লিখি মালতীক নিজৰ ভালপোৱাৰ কথা বুজাবলৈ যত্ন কৰিছিল তেও । এনেকৈ ৰান্ধনীশালৰ বেৰত শত শত কবিতাই ঠাই পাইছিল । অৱশেষত এই লাজুক প্ৰেমিকৰ মনৰ ভাৱ বুজি উঠিছিল মালতীয়ে , দুয়ো বিবাহপাশত আৱদ্ধ হয় !!সাংহাৰিক জীৱনত সুখৰ বন্যা হিচাপে আহে কন্যা ‘নন্দিনী ‘ । স্কুলৰ শিক্ষক সকলৰ পৰামৰ্শমতে ৰান্ধনীৰ কাম এৰি স্কুল গেটৰ কাষতে সৰুকৈ এখন কিতাপ, কলম,বহী ৰ দোকান দিয়ে হলধৰে । এই প্ৰথমবাৰ কলম হাতত তুলি লয়,বগা কাগজৰ অভাৱো নাছিল দোকানত । লিখি যায় এটাৰ পিছত আন এটা কবিতা । ‘কোশলি’ ভাষাত কবিতা লিখিছিল তেখেতে । প্ৰথম কবিতা ” ধোদো বড়গাছ ” ( বুঢ়া বটগছ ) প্ৰকাশ পায় ১৯৯০ চনত । ইয়াৰ পিছত ক্ৰমে “ভাৱ” “সুৰত ” আদি কৰি শত শত কবিতা প্ৰকাশ পায় । লিখা সম্পূৰ্ণ কৰে ” আচিয়া” “বাছাৰ” “মহাসতী উৰ্মিলা” “তাৰা মন্দোদৰী” ” শিৰি সামালাই” ” প্ৰেম পইচান ” ” বীৰ সুৰেন্দ্ৰ সাই” “শান্ত কবি বিমাভাই” “ৰ’শি কবি গঙ্গাধৰ” ইত্যাদি বিশখন মহাকাব্য । তেখেতৰ লেখা সমূহক লৈ দেশ বিদেশৰ পাঁচ জনে ইতিমধ্যে পি এইচ ডি সম্পূৰ্ণ কৰিছে । আৰু চৈধ্যজন স্কলাৰে গৱেষণা কৰি আছে । ২০১৬ চনত তেখেতে ” উৰিষ্যা সাহিত্য একাডেমী ” পুৰস্কাৰ লাভ কৰিছে । তেখেতৰ সেই কিতাপৰ দোকানখন এতিয়া তেখেতৰ গুণমুগ্ধ, স্কলাৰ সকলৰ বাবে কাব্যিক জ্ঞানৰ মন্দিৰ স্বৰূপ । উৰিষ্যা চৰকাৰে ভালকৈ সংৰক্ষণ কৰি ৰাখিছে।বি: দ্ৰ : অসমত কি দিনকাল আহিল ? নিজা খৰচত দুই এখন কবিতাপুথি বা অন্য কিতাপ দুই এখন লিখি উলিয়াই বহুতে বিয়াগোম লেখক বুদ্ধিজিৱীৰ ভাৱ দেখুৱাই । কেৱল বেলেগৰ দোষ ত্ৰুটি বিচাৰি ফুৰে । দৌৰি ফুৰে বঁটা-বাহনৰ পিছে পিছে !! গভীৰ অধ্যয়ন বুলি বিশেষ একো নাই । সভা সমিতিত বিশিষ্ট অতিথিৰ আসনখন দখল কৰি ভালকৈ কথাতো ক’বই নোৱাৰে বৰং লেহু পেহুকৈ বিভ্ৰান্তমূলক কিছুমান কথা কৈ উদীয়মান সকলক বিভ্ৰান্তহে কৰে । অনাগত সময়ত অসমতো হলধৰ নাগৰ দৰে কিছু সৃষ্টিৰ সাধক জন্ম হোৱাটো কামনা কৰোঁ ।হলধৰ নাগৰ বিষয়ে বাংলা সাহিত্যৰ কোনোবা এটা পেজত পঢ়িছিলোঁ । ফেচবুকত আগৰ দৰে মই লেখা মেলা তেনেকৈ কৰিব নোৱাৰা হৈছোঁ । মোৰ নিজৰ কৰ্মক্ষেত্ৰখনত বেছিকৈ সময় খৰচ কৰিব লগা হৈছে । তথাপি কিবা এটা প্ৰয়োজনীয়তা অনুভৱ কৰি লেখাটো আজি অসমীয়ালৈ অনুবাদ কৰি সুহৃদ সকললৈ আগবঢ়ালোঁ ।
(বিঃদ্ৰঃ এই লেখাটো যুগুতোৱাৰ বাবে গ’গুলৰ সহায় লোৱা হৈছে)